গহপুৰ/কাজলগাঁও/কাজিৰঙাঃ​ নেৰা নেপেৰা বৰষুণৰ ফলত চক্ৰং নৈৰ বাঢ়নী পানীয়ে পুনৰ তাণ্ডৱ চলালে গহপুৰত৷ গৰপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নৈৰ মথাউৰি যোৱা ২১ জুনত ৬ নং ৱাৰ্ডত ছিগি যোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। গহপুৰ মহকুমা প্ৰশাসন তথা জলসম্পদ বিভাগে ছিঙা মথাউৰি নিৰ্মাণ কৰিছিল যদিও ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উঠিছে৷

ফলত আৰু বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ বৃহস্পতিবাৰে পুনৰ ছিগে মথাউৰিটো। মেৰামতি কৰা ভগ্ন মথাউৰিটো আজি পুনৰ ছিগাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় গহপুৰত। মথাউৰিৰ ছিগা অংশেৰে বাঢ়নী পানী সোমাই  চত্ৰংপাৰ, মধ্য চক্ৰংঙকে ধৰি বহু কেইখন গাঁও বুৰাই পেলায়।

চুবুৰীয়া ভূটান ৰাষ্ট্ৰৰ পাহাৰত হোৱা প্ৰবল বৰষুণৰ ফলত কেইবাখনো নৈ ফেনে-ফোটোকাৰে বাঢ়ি অহাত বিগত দুদিন ধৰি বানৰ কৱলত পৰিছে চিৰাঙৰ উত্তৰাঞ্চলৰ শতাধিক গাঁও ৷ আইনৈৰ পানীয়ে আজি জিলাখনৰ চটো আমগুৰিত এটি বান্ধ উটুৱাই নিয়াত চটো আমগুৰি গাঁৱৰ বিস্তৰ ক্ষতি সাধন হয়৷

একেদৰে নাঙলভাঙাত মথাউৰি খহাই নিয়াত অঞ্চলটোৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ ফলত ওডালগুৰি, চৌৰাবাৰী, খাগ্ৰাবাৰী, কলিয়াগাঁও অাদি অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে৷ ইপিনে জিলাখনৰ নিছিমা পৰিষদীয় সমষ্টিৰ খুংখ্ৰাঝৰা ভিচিডিচি অঞ্চলত কানামাক্ৰা নৈয়ে বানৰ সৃষ্টি কৰাত খুংখ্ৰাঝৰা গাঁঁৱৰ সামূহিক কেন্দ্ৰত পোন্ধৰটা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰিছে ৷ জিলাখনৰ বিজনী মহকুমাৰ মাজৰাবাৰী, সন্ন্যাসীবাৰী, চৌৰাবাৰী, শিশুবাৰী আদি গাঁৱতো বানে বিস্তৰ ক্ষতি সাধন কৰে৷ 

আনহাতে আজি পুনৰ প্লাৱিত হ'ব পাৰে কাজিৰঙা ৷ কাজিৰঙা অভয়াৰণ্যৰ লগতে প্লাৱিত হ'ব বোকাখাত মহকুমাৰ বিস্তীৰ্ণ অঞ্চল ৷ বতৰৰ আগ জাননী অনুসৰি ৪৮ ঘন্টাত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮০ শতাংশ প্লাৱিত হোৱাৰ সম্ভাৱনা আছে৷