
গোৰেশ্বৰঃ ভূটান পাহাৰৰ পৰা বৈ অহা কৈইবাটাও নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাক্সা জিলাত৷ জিলা খনৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অৰ্ধ শতাধিক গাঁও বানত বিধ্বস্ত হৈছে। ভূটানৰ পাহাৰৰ পৰা হঠাৎ নামি অহা ধলে গোৰেশ্বৰ ৰাজহ চক্ৰৰ দেওচুঙা, বাঙালীপাৰা, মহৰিপাৰা আদি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক গাঁও বানত বিধ্বস্ত হয়।
দেওচুঙা নদীত অহা বানে ডোঙাৰগাঁও, বাঙালীপাৰা, অম্বৰীশনগৰ, পিপলনি, গাৰোৱস্তি, আদিত কেবাঘৰৰো ক্ষতিসাধন কৰাৰ লগতে কৃষিভূমি বিস্তৰ ক্ষতি হৈছে। বানপানীয়ে ওদালগুৰি-তামুলপুৰ (ইউ টি) ৰোড কেবাস্থানতো উটুৱাই নিয়াত যাতায়ত কিছু পৰিমাণে বাধাপ্ৰাপ্ত হৈছে। ইপিনে শুক্লাই নৈৰ বাঢ়নি পানীয়ে ডুবাইছে কেবাখনো গাঁও।
বগৰীবাৰীত মথাউৰি ছিঙাৰ লগতে বনবাৰীত বাঢ়নি পানীয়ে শুক্লাই নদীৰ দুয়োপাৰ ডুবাই পেলাইছে। বানত বগৰীবাৰী, বনবাৰী, নাটকুছি, কাঁহিবাৰী, খৈৰাবাৰী, কুজাৰপাম, নিজকুচলা, চনবস্তি, মোকালডংগা গাঁৱত প্ৰায় পাঁচ শতাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ পানীয়ে বুৰাই পেলাইছে গান্ধীচ'ক-চেনীগাওঁ গড়কাপ্তানি পথ। পথছোৱা কেইবাস্থানতো ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ধানখেতিৰো বিস্তৰ ক্ষতিসাধন হৈছে।
একালব্য বিদ্যা মন্দিৰ, বাঙালীপাৰা সম্পূৰ্ণৰূপে পানীত ডুব গৈছে। ইপিনে বাক্সা আৰু ওদালগুৰি জিলা সীমান্তৱৰ্ত্তী ওদালগুৰি জিলাৰ উত্তৰ নাওবান্ধাত পাথৰ নৈয়ে উটুৱাই নিছে বহু কেইটা ঘৰৰ লগতে পোহনীয়া জীৱ জন্তু। কেবাঘৰৰো সকলো বয়বস্তুৰ লগতে বাচন বৰ্তন, কাপোৰ কানি, ধান, চাউল আদি সকলো সামগ্ৰী উটুৱাই নিয়াত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ।
উত্তৰ নাওবান্ধাত গোপাল চন্দ্ৰ পাল, চিত্ত সৰকাৰ, মনো মণ্ডল, ভোলা মণ্ডল, সুমন্ত পাল, প্ৰফুল্ল পাল, ভীম সাহা, প্ৰহ্লাদ সাহা, পৰিমল পাল, মুকুল মণ্ডল, মকুণ্ড সৰকাৰ, নিশিকান্ত পাল, নদীৰাম মণ্ডল আদি গৃহ উটুৱাই নিয়াৰ লগতে ঘৰৰ কোনো সামগ্ৰীয়ে উলিয়াব নোৱাৰিলে।
সুব্ৰত শীলৰ ক্ষুদ্ৰ চাহবাগানৰ লগতে মাধৱ ৰাজবংশীৰ গেলামাল দোকানৰ বহু পৰিমাণৰ চাউল বানে উটুৱাই নিয়ে। পশুধনৰ লগতে ঘৰদুৱাৰ ভাঙি বিস্তৰ ক্ষতি হৈছে উত্তৰ নাওবান্ধাত। শুক্লাই চেৰফাং সমষ্টিৰ ই এম গণেশ কচাৰীয়ে কেবাস্থানতো বানবিধ্বস্থ এলেকা পৰিভ্রমণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ লৈছে। অৱশ্যে বৰ্তমানলৈ বান সাহাৰ্য্য প্ৰদানৰ বাবে প্ৰশাসনে যি ব্যৱস্থা ল'ব লাগে সেয়া এতিয়াও লোৱা পৰিলক্ষিত হোৱা নাই।