19
Sep
2017

দিচাংমুখঃ এজাক বৰষুণতে ডুবিল শিৱসাগৰ চহৰ৷ আজি সন্ধিয়া দিয়া এজাক বৰষুুণৰ পাছতেই এতিয়া কৃত্ৰিম হানে বুৰাইছে শিৱসাগৰৰ মাজমজিয়া৷ যাৰ ফলত এতিয়া সাধাৰণ জীৱন যাত্ৰা ব্যহত হৈ পৰা দেখিবলৈ পোৱা গৈছে৷
কৃত্ৰিম বানৰ কবলত পৰি জীয়াতু ভূগিবলগীয়া হোৱা স্থানীয় চহৰবাসীয়ে কৃত্ৰিম বানৰ বাবে চহৰখনৰ পৌৰসভাক জগৰীয়া কৰিছে৷ ৰাইজৰ অভিযোগ অনুসৰি পৌৰসভাই চহৰখনৰ নলা-নৰ্দমাসমূহ সঠিক ভাবে চাফ-চিকুণ নকৰাৰ ফলতহে চহৰখন কৃত্ৰিম বানৰ কবলত পৰিছে৷
অতি শীঘ্ৰে চহৰখনৰ নলা-নৰ্দমাসমূহ চাফা কৰি কৃত্ৰিম বান ৰোধ কৰিবলৈ স্থানীয় ৰাইজে প্ৰশাসনক আহ্বান জনাইছে৷