10
Sep
2017

তেজপুৰ টাউনঃ এজাক বৰষুণ৷ তাৰ পাছত সকলো শেষ৷ শনিবাৰে নিশা দিয়া ভাৰাসাৰ বৰষুণৰ পাছতেই আজি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ, বালিপাৰা, গড়মৰা, বগীজুলীকে আদি কৰি প্ৰায় ৩০ খনৰো অধিক গাওঁ প্ৰবল বানৰ কবলত পৰে৷ নিশাৰ ভিতৰতে সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানৰ ফলত বিপৰ্যস্ত হৈ পৰিছে সাধাৰণ ৰাইজৰ জনজীৱন।
আনহাতে আজি বাঢ়নী পানীৰ কোবাল সোতে এজন লোকৰ জীৱন কাঢ়ি লৈ যায়৷ বাঢ়নী পানীত হাহ ধৰিবলৈ যাওতে প্ৰবল সোতে লোকজনক উটুৱাই নিয়ে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা নামি অহা পানীৰ প্ৰবল স্ৰোতে জনজীৱন আতংকময় কৰি ৰাখিছে৷
আজি পুৱাৰ ভাগত বান পৰিস্থিতিৰ বুজ লবৰ বাবে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা বানাক্ৰান্তৰ কাষত উপস্থিত হয়।