নাওকাটাঃ নেৰানেপাৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে শনিবাৰে নিশাৰ ভাগত এৰি দিয়ে কুৰিশ্বু নদীৰ বান্ধৰ পানী৷ বান্ধৰ পানীয়ে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে বিটিএডিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চললৈ।

নিশাৰ ভাগত বাক্সা আৰু ওদালগুৰি জিলাৰ মাজেৰে বৈ অহা কেইবাটাও নৈৰ জলপৃষ্ঠ কেইঘন্টামানৰ ভিতৰতে বৃদ্ধি হোৱাত ক্ষতিগ্ৰস্ত হৈছে জিলা দুখনৰ শ শ লোক৷  

বাঙালীপাৰা, উপৰখুঁটি, গাৰোগাঁও, ঔবাৰী, ভোলাঝাৰ, অম্বৰিশনগৰ, বটাবাৰী, নিধুৱা, নাওবান্ধা, উত্তৰ নাওবান্ধা, আটেৰীখাট আদি কুৰিখনতকৈ অধিক গাঁৱৰ বাসিন্দাৰ লগতে পোহনীয়া জীৱ-জন্তু হাহাকাৰ কৰিব লগা হৈছে। প্ৰৱল সোঁতত বৈ অহা পানী মুহূৰ্ততে বহু পৰিয়ালৰ বাসগৃহ তচনচ কৰি পেলায়৷ ফলত গৃহহাৰা হৈ পৰিছে কেইবা শতাধিক লোক।

বাসগৃহৰ লগতে বলীয়া বানে কৃষিজীৱি ৰাইজৰ পোহনীয়া গৰু-ছাগলী, হাঁহ, কুকুৰা, গাহৰি, পুখুৰীৰ মাছ, মূল্যৱান সম্পদ আদি উটুৱাই লৈ যোৱাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

ঘৰত খাৱলৈ খুদকণ এটিও নোপোৱা বন্যাৰ্তৰ বাবে পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী আৰু বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়োৰ নিৰ্দেশমৰ্মে শুক্লাই ভিচিডিচিৰ অধ্যক্ষ নৰেশ্বৰ পৌড়েল আৰু উদীয়মান যুৱক কমল মৈনালীৰ নেতৃত্বত নাওবান্ধা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে৷

কেইবা শতাধিক লোকৰ মাজত চাউল, দাইল, আলু, বিস্কুট, খোৱাপানী আদি বিতৰণ কৰা হৈছে। শিবিৰটোত কেইবা শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে। বন্যহস্তীৰ সন্ত্ৰাসৰ মাজতে অহা বলীয়া বানে আতংকিত কৰিছে বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ৰাইজক।