14
Jun
2017

কামপুৰঃ কৃত্ৰিম বানৰ কবলত কামপুৰ। নেৰা নেপেৰা বৰষুণৰ ফলত চাৰি পাঁচ দিন ধৰি পানীৰ তলত কামপুৰৰ ৰাস্তা-ঘাট।
কামপুৰ ৰেল কলনি, বৰুৱা মাৰ্কেটৰ বহু পৰিয়াল ঘৰৰ পৰা ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হোৱাৰ পাছতো খবৰ লবলৈ আহৰি নাই কামপুৰ নগৰ সমিতিৰ।
বিজ্ঞান সন্মত ভাৱে নলাবোৰ নিৰ্মাণ নকৰাত কৃত্ৰিম বান হোৱা বুলি অভিযোগ উঠিছে। কামপুৰৰ ৰাজপথত ছাত্ৰ-ছাত্ৰীয়ে মাছ ধৰিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে ফেনে ফুটুকাৰে কপিলী আৰু বৰপানী নদী বাঢ়ি অহাত শংকাত পৰিছে নৈ পৰীয়া ৰাইজ।