ডিফুঃ অৰুণাচল আৰু নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ ফলত কাৰ্বি আংলং জিলাৰ বোকাজান-ডিফু আদি ঠাই বুৰ যায়৷

ডিফুৰ পাৰ্শ্বৱৰ্তী এলেকা বুৰাই পেলোৱাৰ ফলত ব্যাপক সমস্যাত পৰে ৰাইজ৷ আজি কাৰ্বি স্বায়ত্ত পৰিষদৰ ১৮ নং লুম্বাজং পৰিষদীয় সমষ্টিৰ নৱ নিৰ্বাচিত সদস্য তথা বিজেপিৰ পূব কাৰ্বি আংলং জিলাৰ সভাপতি ৰতন টেৰণ, উপ-সভাপতি ৰলেন কিলিং, টাউন মণ্ডলৰ সম্পাদক নীলমণি দেৱ আৰু চহৰী কেন্দ্ৰৰ আহ্বায়ক স্বপন দে’সহ এটি দলে বান বিধ্বস্ত এলেকাৰ বুজ লয়৷

বান বিধ্বস্ত শীতলাবাৰী আৰু ৰামঠাকুৰ এলেকা পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে পৰ্যাপ্ত সাহায্য প্ৰদানৰ আশ্বাস দিয়ে৷