
কাজিৰঙাঃ বানত ডুবিছে কাজিৰঙা৷ হাহাকাৰ কৰিব লগা হৈছে বন্য প্ৰানীয়ে৷ এটুকুৰা ওখ ঠাই বিছাৰি পানীত কেৱল মুৰ উলিয়াই মৃত্যুৰে সৈতে যুজি ইফালৰ পৰা সিফালে দৌৰিছে বন্য প্ৰানী ৷ এতিয়া একপ্ৰকাৰ সাগৰ সদৃশ হৈ পৰিছে কাজিৰঙা৷
আশ্ৰয়বিহীন জীৱ-জন্তুৰ এতিয়া আশ্ৰয় লবল বাবে ওখ ঠাই বিছাৰি হাহাকাৰ৷ খাদ্য আৰু আশ্ৰয় বিচাৰি বন্যপ্ৰানী ওলাই আহিছে জনাঞ্চললৈ৷ ১৩ আগষ্টত কাজিৰঙাৰ হালধিবাৰীত বনৰীয়া গাহৰিৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হৈছিল।
নানী আশা ওৰাং নামৰ মহিলাগৰাকীক চোতালতেই বন গাহৰিয়ে আক্ৰমণ কৰাত মৃত্যু হয়। আজি পুনৰ বন গাহৰিৰ আক্ৰমণত প্ৰাণ হেৰুৱালে দুগৰাকী লোকে৷
১৪ আগষ্টত পুনৰ বিশ্বনাথ জিলাৰ চতিয়াৰ দক্ষিণ অঞ্চলত কাজিৰঙা ষষ্ঠ সংযোজনৰ দাতি কাষৰীয়া গড়পালৰ ৰেণুকা বচনেট (৪৫) আৰু টেৱাৰিপালৰ ইন্দ্ৰবাদুৰ গুৰুং (৫৫) নামৰ দুজন লোকক বনৰীয়া গাহৰিয়ে নিজ ঘৰতে আক্ৰমণ কৰি হত্যা কৰে।
বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮৫ শতাংশ অঞ্চল জলমগ্ন হৈ পৰিছে। বন বিভাগৰ সূত্ৰই সদৰী কৰা মতে, ১৯৮৮ চনৰ পিছত এতিয়ালৈকে এইবাৰেই ৰাষ্ট্ৰীয় উদ্যানখনত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।
ব্ৰহ্মপুত্ৰ ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলতে এনেদৰে প্লাৱিত হৈ পৰিছে উদ্যানখননৰ বিস্তীৰ্ণ অঞ্চল। অধিকাংশ জীৱ-জন্তুৱেই এতিয়া প্ৰাণৰ সংশয়ত কাৰ্বি পাহাৰ অভিমুখে ৰাওনা হৈছে৷
বন বিভাগে জনোৱা মতে, উদ্যানখনৰ ভালেমান ঠাইত পানী ৬ ফুটৰ ওপৰেৰে পানী বৈ যোৱাৰ ফলত খাদ্য আৰু ওখ ঠাইৰ অভাৱত হাহাকাৰ কৰিছে জীৱ-জন্তুৱেই।
স্বাধীনতা দিৱস উদযাপনৰ মাজতে মঙলবাৰে দুপৰীয়াৰ ভাগত কাজিৰঙাৰ বন্যাঞ্চলৰ পৰা ওলাই অহা এটা বন গাহৰিয়ে আক্ৰমন কৰি সামান্য আঘাতপ্ৰাপ্ত কৰে এজন ব্যক্তিক৷ ইয়াৰ পিছতে বাগৰি বন বিষয়াৰ উপস্থিতিত আত্মৰক্ষাৰ হেতু গাহৰিটোক গুলিয়াই হত্যা কৰা হয়৷
আনফালে বাঢ়নী পানী কিছু হ্ৰাস পাইছে যদিও কাজিৰঙাৰ দক্ষিণ দিশেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়াও সম্পূৰ্ণ ৰূপে মুকলি হোৱা নাই। জৰাজীৰ্ণ ৰাজপথৰ বাবে সৰু বাহন সমূহ যাবলৈ দিয়া হৈছে যদিও ডাঙৰ বাহনসমূহৰ চলাচল বন্ধ কৰি দিছে জিলা প্ৰশাসনে।
বৰ্তমানৰ বিজেপি চৰকাৰে জীৱ-জন্তুৰ বাবে হাইলেণ্ড তথা ওখ ঠাই নিৰ্মণৰ বাবে গুৰুত্ব আৰোপ কৰা দেখা নযায়৷ আনহাতে অগপ সভাপতি অতুল বৰাৰ গৃহ জিলাৰ উদ্যান খনৰ প্ৰলয়ৰ পাছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷
১৫ বছৰীয়া কংগ্ৰেছৰ শাসনত কেইবাবাৰো জীৱ-জন্তুৰ বাবে হাইলেণ্ড নিৰ্মাণৰ বাবে যোজা চলাইছিল যদিও সকলোবোৰ ফুটুকাৰ ফেন হৈ থাকিল৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনেও চৰকাৰ গঠনৰ পাছতে কাজিৰঙা জীৱ-জন্তু ৰক্ষাৰ বাবে ন-ন আঁচনি ঘোষণা কৰিছিল যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৱে এটুকুৰা ওখ ঠাইৰ বাবে ককবকাবলগীয়াত পৰিছে৷
ৰাষ্ট্রীয় উদ্যানখনত বানৰ সময়ত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে পৰ্যাপ্ত হাইলেণ্ড নিৰ্মাণৰ বাবে বিভিন্ন সময়ত দল-সংগঠনে দাবী উত্থাপন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে এবছৰ সম্পূৰ্ণ কৰিলে যদিও হাইলেণ্ড নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা হাতত লোৱা দেখা ন’গল।
ইয়াৰ মাজতে জীৱকূলৰ এনে অৱস্থা নহ'বৰ বাবে বন বিভাগে হাইলেণ্ড নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে বুলডজাৰ, ট্ৰেক্টৰ, ডাম্পাৰ আদি উদ্যানখনলৈ আনিছিল।
কিন্তু এপ্ৰিল মাহত প্ৰবল বৰষুণৰ বাবে পানীৰে উপচি পৰা কাজিৰঙাৰ অৰ্ন্তভাগৰ বোকা-পানীৰ মাজত কাম আগবঢ়াব নোৱাৰি উদ্যানৰ বাহিৰতে প্ৰায় এসপ্তাহ ধৰি বাহৰ পাতি উধাও হ’ব লগা হৈছিল ঠিকাদাৰ। তালৈ চাই ‘চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপি’-এই নীতি অৱলম্বন কৰি বন বিভাগে বৰষুণৰ মাজতে এখন নাটক ৰচনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল সচেতন মহলে।