লালুকঃ ৫ লাখ লোকক কন্দুৱাইছে নীপকোৱে৷ কেৱল কন্দুৱাই ক্ষান্ত থকা নাই লৈছে এজন লোকৰ প্ৰাণ৷ লখিমপুৰ জিলাত ৯ জুলাইত নীপকোৱে অবিৰত ভাৱে ৫ খনকৈ ছুইচ গেটেৰে তীব্ৰ গতিত অতিৰিক্ত পানী এৰি দিয়াৰ ফলত বানৰ কবলত পৰি জিলাখনৰ প্ৰায় পাঁচ লাখ লোকে হাহাকাৰ কৰিব লগা হয়৷

চৰকাৰী পৰিসংখ্যা মতে বানত ৪ লাখ ১০ হাজাৰ লোকৰ ক্ষতি হৈছে বুলি প্ৰকাশ পোৱাৰ বিপৰীতে বেচৰকাৰী সুত্ৰই ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বুলি দাবি কৰিছে৷ মূলত সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলা নীপকোৱে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ অবিৰতভাৱে অতিৰিক্ত পানী মোকলাই দিয়াৰ ফলশ্ৰুতিত ৰাইজ পুনৰবাৰ ২০০৮ চনৰ সংহাৰী বানৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়াত পৰিছে।

উল্লেখ্য যে, লখিমপুৰ জিলাত ২০০৮ চনত নীপকোৰ বাবেই ২২ জনকৈ লোকৰ মৃত্যুৰ উপৰিও ১০ লাখৰ অধিক লোকৰ ক্ষতি হৈছিল৷ লগতে ৰঙা নৈৰ পকী দলঙৰ এটা অংশ তললৈ বহি যোৱাৰ ফলত পহুমৰাৰ সমীপত ৰাষ্ট্ৰীয় ঘাই পথ ছিঙি বিস্তৰ ক্ষতি কৰিছিল৷ নীপকোৱে পুনৰ নিজ মইমতালিৰে আন এক সংহাৰৰ সন্মুখীন হবলৈ বাধ্য কৰালে লখিমপুৰ জিলাক৷

এইবাৰ বানত জিলাখনৰ  উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ ১২৯ খন গাঁও, কদম ৰাজহ চক্ৰৰ ৮ খন, বিহপুৰীয়া ৰাজহ চক্ৰৰ ৭২ খন, নাওবৈছা ৰাজহ চক্ৰৰ ৭৩ খন, নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ৬৭ খন, সোৱণশিৰি ৰাজহ চক্ৰৰ ৫০ খন গাঁৱৰ লোক ক্ষতিগ্ৰস্ত হৈছে৷ নীপকোৱে পানী মোকলাই দিয়াৰ ফলত লখিমপুৰৰ জৈইনপুৰ আৰু বগলীজানত মথাউৰি ছিঙাত মুহূৰ্ততে বুৰ যায় গাঁওসমূহ৷

লগতে নাওবৈছাৰ গেন্ধালিত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথটো ছিঙি নাওবৈছাৰ ৪০ খনৰো অধিক গাঁৱলৈ বিপদ মাতি আনে৷ ইফালে বাঢ়নী পানীৰ মাজতে নিজৰ পশুধন উদ্ধাৰ কৰিবলৈ গৈ কনক গগৈ নামৰ এজন লোকৰ মৃত্যু হয়।

নীপকোৰ অতিৰিক্ত পানীৰ কোবাল সোঁতে এইবাৰ ৰঙা নৈৰ বগলীজানৰ কেন্দ্ৰীয় চৰকাৰৰ এফ এম পি আচঁনিৰ অধীনত ৩৬২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা বাওঁফালৰ মথাউৰিটো নিমিষতে প্ৰায় ২০০ মিটাৰ অংশ উটুৱাই নিয়াত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে৷ বতৰ বিজ্ঞান বিভাগৰ সূত্ৰই জনোৱা মতে, বানৰ কেইদিনত লখিমপুৰৰ বিভিন্ন অঞ্চলত বৰষুণৰ পৰিমাণ আছিল ৩৮৫.৭ মিলিমিটাৰ

♦ বান সাহায্য প্ৰদানত ব্যৰ্থ লখিমপুৰ জিলা প্ৰশাসন 

লখিমপুৰ জিলা প্ৰশাসন সাহায্য তথা উদ্ধাৰ অভিযানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে৷ বান সাহায্য যোগান ধৰিব নোৱাৰাৰ অভিযোগ তুলি একাংশ বানাক্ৰান্তই পহুমৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি বান সাহায্য বিচাৰিব লগীয়াত পৰে। 

ইতিমধ্যে জিলা প্ৰশাসনে বান সাহায্য মোকলাই দিছে যদিও ভূতৰ ওপৰত দানহ পৰাৰ দৰে বান সাহায্যলৈ শেনচকুৰে চাই থকা বিভাগীয় এচাম লোকৰ বাবে বানাক্ৰান্তই সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ পৰিয়ালসমূহক জনে প্ৰতি ১০০ গ্ৰামৰো কম চাউল যোগান ধৰাত সমস্যাত পৰিছে ৰাইজ৷

লগতে পশুধনৰ বাবে মোকলাই দিয়া পশু খাদ্যৰো একাংশ দালালে চানকঢ়া বুলি অভিযোগ উত্থাপন হৈছে৷ একেদৰে নাওবৈছা ৰাজহ চক্ৰৰ পৰা বানত ক্ষতিগ্ৰস্ত লোকক ১২০০ কুইন্টল চাউল, ৬৫ কুইন্টল দাইল, ২২ কুইন্টল নিমখ, ৭০০০ খন ট্ৰিপালৰ বাবে প্ৰস্তাব দিছিল যদিও ৰহস্যজনক ভাৱে জিলা প্ৰশাসনে কেৱল ১০০ কুইন্টল চাউল, ২০ কুইন্টল দাইলহে মোকলাই দিয়াত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷