বাহাকাবাৰীঃ নগাঁও জিলাৰ বিভিন্ন ঠাইৰ লগতে ৰাঙলুতো বানৰ কবলত পৰিছে কেইবাখনো গাঁও৷ যোৱা দহ দিন ধৰি অঞ্চলটোৰ বাট-পথ আৰু পথাৰ একাকাৰ হৈ পৰাৰ ফলত সীমাহীন কষ্টৰ সন্মুখীন হৈছে ৰাঙলুৰ বানাক্ৰান্ত।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ৰাঙলু অঞ্চলত নিশাৰী নৈৰ বাঢ়নী পানীয়ে শ শ বিঘা বাও ধানৰ খেতি নষ্ট কৰাৰ লগতে শাক-পাচলিৰ খেতিও নষ্ট কৰে। আনহাতে ৰাঙলু-কচুপিত তুলসীমুখ পথটো বিগত ১০ দিন ধৰি বুৰ গৈ থকাত ভয়াবহ সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ।

এনেকৈয়ে সাগৰ সদৃশ পানীৰ মাজেৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে ৰাইজে। ইফালে খাদ্যৰ অভাৱত পৰিছে মানুহ আৰু পশু ধন৷ তেলিয়াআটি, গৰাইহাগী, ৰাঙলুকে ধৰি কেইবাখনো গাঁৱৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ জলমগ্ন হৈ পৰা  গৃহহীন হৈ ৰাজ পথত আশ্ৰয় ল'বলৈ বাধ্য হৈ পৰিছে শ শ লোক।

ইমানৰ পাছতো সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত অথবা জিলা প্ৰশাসনে কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাঙলুৰ বানাক্ৰান্তই।