
গুৱাহাটীঃ বিগত প্ৰায় ২৫ দিন ধৰি ৰাজ্যৰ ২৬খন জিলাৰ লোক বানৰ কবলত পৰি ককবকাই থকাৰ পাছতো ৰাজ্য চৰকাৰে পয্যাপ্ত সহায় নকৰাত ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অসন্তুষ্টি আৰম্ভ হৈছে৷ বানত ক্ষতিগ্ৰস্তক সহায় নকৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
ইয়াৰ মাজতে আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বিভিন্ন মহকুমা সমিতিয়ে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্য উত্তাল কৰি তোলে৷ জাতি, মাটি, ভেটিৰ কথা কৈ ৰাজপাট দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে বানৰ কবলত পৰি সকলো হেৰাই হাহাকাৰ কৰা লোকসকলক জীয়াই থাকিবলৈ প্ৰয়োজনীয় সামগ্ৰী যোগান নধৰাত এই কাৰ্য্যসূচী ৰূপায়ণ কৰে৷
অন্ন, বস্ত্ৰ, বাসস্থান, শিশুৰ খাদ্য, পশুৰ খাদ্য, মহিলাৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৰ প্ৰতিটো মহকুমা সমিতিয়ে নিজ নিজ সদৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ বানপীড়িত, খহনীয়াত আক্ৰান্তক পৰ্যাপ্ত সাহায্য দিয়াৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটােৱে৷
NNO ৰঙিয়াঃ বান বিধ্বস্ত এলেকাত শিশুৰ খাদ্য, চিকিৎসা সেৱা, পুনৰ সংস্থাপনৰ লগতে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবীত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ বান বিধ্বস্ত এলেকাত শিশুৰ খাদ্য, চিকিৎসা সেৱা, পুনৰ সংস্থাপনৰ লগতে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীত ৰঙিয়া আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
কেন্দ্ৰীয় চৰকাৰে বান সাহায্য দিয়াত টোঘলকি কৰাৰ লগতে ৰাজ্য চৰকাৰৰ ভূমিকাতো ক্ষোভ ব্যক্ত কৰে ৰঙিয়া আছুৱে। ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে আছুৰ কেন্দ্ৰীয় সমিতিৰ আহবান মৰ্মে ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে। দিনৰ ১১ বজাৰ পৰা ১ বজালৈ আছুৱে প্ৰতিবাদ সাব্যস্ত কৰি বান সাহায্যৰ দাবীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা সমিতিৰ সভাপতি ধিৰাজ ৰাজবংশী, শিক্ষা আৰু সাংস্কৃতিক সম্পাদক দীপদৰ্শন ভৰদ্বাজ, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস আৰু সম্পাদক হেমন্ত দাস উপস্থিত থাকে।
NNO ওদালগুৰিঃ বান-গৰাখহনীয়াত আক্ৰান্ত লোকক পৰ্যাপ্ত সাহায্য তথা খাদ্য, চিকিৎসা সেৱা, পুনৰ সংস্থাপনৰ দাবীত ওদালগুৰি শ্বহীদ ভৱনৰ সন্মুখত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে আছুৰ ওদালগুৰি জিলা সমিতিয়ে৷
আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বিতোপন দাস, জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক প্ৰাঞ্জল পাটোৱাৰী আৰু ছাইফুল হকৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ নেতা-কৰ্মী উপস্থিত থাকে কাৰ্যসূচীত৷ সংগঠনটোৱে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনায়।
বানৰ ভয়াবহ পৰিস্থিতিৰ সময়তো মন্ত্ৰী-বিধায়কে দৰমহা বৃদ্ধিৰ কুচ-কাৱাজ চলাই থকা কাৰ্যকো জিলা ছাত্ৰ সন্থাই ধিক্কাৰ দিয়ে।
NNO মঙলদৈঃ মঙলদৈ জিলা পুথিভৰাল প্ৰাংগণত দৰং জিলা আছুৱে বানত ক্ষতিগ্ৰস্ত লোকক পৰ্যাপ্ত সাহায্য আৰু পুনৰ সংস্থাপনৰ দাবীত আজি ২ ঘন্টীয়া বিক্ষোভ কাৰ্য্যসূচী পালন কৰে। কাৰ্য্যসূচীত জিলাখনৰ শতাধিক আছুৰ নেতা-কৰ্মীৰ উপস্থিত শীঘ্ৰে বান সাহায্য দিয়াৰ দাবী জনায় চৰকাৰক৷
NNO গহপুৰঃ গহপুৰতো আছুৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ বানপীড়িতক পৰ্যাপ্ত সাহায্য দিয়া, শিশুৰ সুষম খাদ্য প্ৰদান কৰা, চিকিৎসা সেৱা আৰু বানাক্ৰান্তক পুনৰ সংস্থাপনৰ দাবীত গহপুৰ মহকুমা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ভূবনেশ্বৰ তাঁতী, গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিব্যজোতি ভূঞা, সাধাৰণ সম্পাদক দিগন্ত মুদৈ, গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা অৰুণ মহন্ত, গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক উৎপল বৰুৱাকে আদি কৰি পূৱ-ছয়দুৱাৰ, ছয়দুৱাৰ, গহপুৰ আৰু বুৰৈ আঞ্চলিক সমিতিৰ নেতা-কৰ্মী বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে।
NNO মৰিগাঁওঃ বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকক প্ৰৰ্যাপ্ত সাহায্য প্ৰদান কৰাৰ দাবীত আজি মৰিগাঁৱতো আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথ প্ৰতিবাদস্থলীত উপস্থিত হৈ বানাক্ৰান্তক উচিত সাহায্য প্ৰদান কৰাৰ দাবী জনায়৷ কেন্দ্ৰীয় চৰকাৰক ৫ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় আছু নেতাগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷
NNO বিশ্বনাথঃ বিশ্বনাথ মহকুমা ছাত্ৰ সন্থায়ো বান সাহায্য প্ৰদানৰ দাবীত শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বান, খহনীয়াত ক্ষতিগ্ৰস্থ লোকক শিশুৰ খাদ্য, চিকিৎসা সেৱা প্ৰদান আৰু পুনৰ সংস্থাপনৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি অৰুপ বৰা, সহকাৰী সাধাৰণ সম্পাদক আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি নিতু বৰা আদিকে কৰি প্ৰায় দুই শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থকে প্ৰতিবাদস্থলীত।