
জাজৰিঃ চৰকাৰ ব্যৰ্থ বুলি অভিযোগ উত্থাপন হ’ব পাৰে কিন্তু দল ব্যৰ্থ নহয়৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোট চৰকাৰে ৰাজ্য বানপীড়িতক সাহায্য দিয়াত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি দলটোৰ একাংশ নেতা-কৰ্মীয়ে বান সাহায্য প্ৰদান কৰে নগাঁও জিলাৰ বটদ্ৰৱাত৷
দলটোৰ বটদ্ৰৱা সমষ্টিৰ দলংঘাট মণ্ডল সমিতিয়ে নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ বিভিন্ন ঠাইত বানাক্ৰান্তৰ মাজত বিতৰণ কৰে খাদ্য-সামগ্ৰী।
দলংঘাট মণ্ডলৰ সভাপতি যজ্ঞেশ্বৰ বৰা, শিলপুখুৰি সমবায় সমিতিৰ পৰিৰ্দশক পুতুকন বৰদলৈ বিজেপি নেতা তপন শইকীয়া, শিলপুখুৰী সমবায় সমিতিৰ সভাপতি জিয়াবুৰ ৰহমান, কলিয়াবৰ জিলা সংখ্যলঘু মৰ্চাৰ সম্পাদক ইমৰান হুছেইন, দলংঘাট সংখ্যালঘু মৰ্চাৰ সভাপতি ৰিজু খান সহ এটি সজাতি দলে অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজৰ মাজত চাউল, দাইল, চেনী, চিৰা, নিমখ, মিঠাতেল আদি খাদ্য-সামগ্ৰী বিতৰণ কৰে।