বোকাজানঃ ৰাজ্য চৰকাৰে বান সাহায্য দিয়াত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে ৰাজ্যৰ বানাক্ৰান্তক সহায় কৰিবলৈ ওলাই আহিছে ৰাজ্যৰ দল-সংগঠন স্বেচ্ছাসেৱী অনুষ্ঠান৷

দুৰ্দশাগ্ৰস্থ বানাক্ৰান্ত লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আজি পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বকলীয়াঘাটৰ বে-চৰকাৰী সামাজিক অনুষ্ঠান হে’ল্প ৱেলফেয়াৰ ছ'চাইটিয়ে বোকাখাতত বান সাহায্য বিতৰণ কৰে৷

অনুষ্ঠানটোৰ বহু কৰ্মীয়ে বকলীয়াঘাটৰ পথচাৰী. ব্যৱসায়ী, চাকৰিয়ালৰ পৰা বান সাহায্য সংগ্ৰহ কৰিছিল৷ অনুষ্ঠানটোৰ পদক্ষেপৰ প্ৰতি সহাৰি জনাই অঞ্চলটোৰ ভালেসংখ্যক লোকে চাউল, ডাইল, চিৰা, পানীৰ বটল, আলু, পিয়াজ, মিঠাটেল, মমবাতি, কচুৱা, আঠুৱা আদি সামগ্ৰী আগবঢ়াই৷

এই সামগ্ৰী সমূহ আজি দুখন চাৰিচকীয়া মালবাহী গাড়ীত  হেল্প ৱেলফেয়াৰ ছ'চাইটিৰ কৰ্মকৰ্তা ক্ৰমে নৱজ্যোতি বৰা, কৃষ্ণ ভূঞা, মুকেশ আগৰৱালা আৰু দীপক ঠাকুৰীয়াই বোকাখাত নগৰৰ পৰা প্ৰায় দহ-পোন্ধৰ কিলোমিটাৰ নিলগৰ এক ভিতৰুৱা অঞ্চল গুলুং দইতালত প্ৰায় তিনিশ বানাক্ৰান্ত লোকৰ মাজত বিতৰণ কৰে৷