
ধিংঃ ৰাজ্যৰ বানপীড়িতক সাহায্য দিয়াত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগত দল-সংগঠনে প্ৰতিবাদ কৰিব লগা হৈছে৷ চৰকাৰে পৰ্যাপ্ত সাহায্য প্ৰদান নকৰাত বানাক্ৰান্তই এটুপি খোৱাপানী, এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ ৰাজ্য খনৰ মানৱ দৰদী লোক তথা দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে বানাক্ৰান্তক সহায় কৰাৰ বাবে মুকলিকৈ ওলাই আহে৷
নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয় পৰিয়ালে বানপীডিতৰ বাবে আজি আৰ্থিক সাহায্য প্ৰদান কৰে৷ বানপীড়িতৰ বাবে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে তেৰ হাজাৰ এক টকাৰ আৰ্থিক সাহায্য আগবঢ়াই৷ মহাবিদ্যালয়খনৰ হৈ অধ্যক্ষ হবিবুৰ ৰহমানে ধনৰাশি বানাক্ৰান্তৰ হাতত তুলি দিয়ে৷
মহাপুৰুষ শংকৰ গুৰুজনাৰ জন্মস্থানত গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত মহাবিদ্যালয়খনৰ পৰা গুৰুজনাই দেখুৱাই যোৱা মানৱতাৰ আদৰ্শৰে আৰ্তজনলৈ কিঞ্চিত সহায় আগবঢ়াই ধন্য হৈছো বুলি মত ব্যক্ত কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ হবিবুৰে৷
বান সাহায্য সংগ্ৰহ অনুষ্ঠানটোত শিক্ষক শ্বৰিফুল ইছলাম, বীনা কলিতা, দেৱজিত মহন্ত, দিলীপ ভূঞা, মন্তু কুমাৰ বৰা, আশিক ইলাহী, ভাস্কৰ জ্যোতি বৰা, হেময়ন্ত্ৰী ডেকা, নাচৰিন আহমেদ, চামিমা চুলতানা খণ্ডকাৰ, ৰূপক কুমাৰ শৰ্মা, প্ৰাঞ্জলী মহন্ত, কৰ্মচাৰী ৰাজেন শইকীয়া, বিনোদ বৰা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, প্ৰাঞ্জল বৰা, তৰুণ বৰা প্ৰমুখ্যে মহাবিদ্যালয়ৰ ৫ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল৷