23
Aug
2017

পাঞ্জাবাৰীঃ বানৰ কবলত পৰি ৰাজ্যৰ হাজাৰ হাজাৰ লোক ককবকাই থাকিব লগা হৈছে৷ পৰ্যাপ্ত সাহায্য লাভ নকৰি হাহাকাৰ কৰি থকা লোকসকলক ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে সহায়-সহযোগ কৰিবলৈ ওলাই আহে৷ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে সাহায্য বিতৰণ কৰি অহাৰ সময়তে মহানগৰীৰ ফটাশিল আমবাৰীৰ ৰংপথাৰ এলেকাৰ মহিলাই বান সহায্য সংগ্ৰহ কৰাৰ বাবে ওলাই আহে৷
অঞ্চলটোৰ কেইবাটাও মহিলা সমিতিৰ সদস্যই এসপ্তাহ ধৰি বানত ঘৰ-দুৱাৰ হেৰাই এখাজ ভাতৰ বাবে হাহাকাৰ কৰা লোকসকলক সহায়ৰ বাবে পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা বান সাহায্য সংগ্ৰহ কৰে৷ ৰাইজৰ পৰা সংগ্ৰহ কৰা নগদ ধন, কাপোৰ, খাদ্য সামগ্ৰী ৰংপথাৰৰ মহিলাসকলে ৰাজ্যৰ বানাক্ৰান্তৰ মাজত বিতৰণ কৰিব৷