
গোলাঘাটঃ ৰাজ্যৰ কেইবাটাও সংগঠনে বানপীড়িতৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰি এসাজ ভাতৰ বাবে হাহাকাৰ কৰা লোকসকলক সহায় কৰি আহিছে৷ নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ গোলাঘাট জিলা সমিতিয়ে জিলা খনৰ বংকুৱাল অঞ্চলৰ বানপীড়িত লোকসকলৰ মাজত বান সাহায্য বিতৰণ কৰে৷
জিলা পৰিষদ, কাজিৰঙা এনজিঅ’, ডেকাচাং গোলাঘাট, অংগনবাড়ী কৰ্মী-সহায়িকা সন্থা, গোলাঘাট জিলা মটৰ-শ্ৰমিক ইউনিয়ন, গোলাঘট জিলা মহিলা সমিতি আদি সংগঠনৰ সহযোগত বানৰ কবলত পৰা বংকুৱাল অঞ্চলৰ ৰাইজৰ মাজত চাউল, মচুৰ দাইল, আলু, বিস্কুট, মম, আটা, চাবোন, মিঠাতেল, কাপোৰ, খোৱাপানী আদি সামগ্ৰী বিতৰণ কৰে সংগঠনটোৱে।
চাৰিখন গাঁৱৰ প্ৰায় ৪৫০ ঘৰ মানুহৰ মাজত সাহায্য বিতৰণ কাৰ্যসূচীত এআইএছএফৰ দলটোক নেতৃত্ব দিয়ে ৰাজ্যিক উপ-সভাপতি বিতোপন গগৈ, জিলা সভাপতি যদু বৰা আৰু সম্পাদক অভিজিত দুৱৰাই।
বান সাহায্য সংগ্ৰহত কাজিৰঙা এনজিঅ’ আৰু ডেকাচাং গোলাঘাটৰ মুকুন্দ গগৈ আৰু পলাশ লইঙে উদ্যোগ লৈ গোলাঘাট পৌৰসভা ফুলবাৰী আৰু মুৰফুলনী গাঁও পঞ্চায়ত, শ্যামৰায়পুৰ চাহ বাগিছা, এভাৰগ্ৰীণ ৱেলফেয়াৰ চছাইটি আদি আন বহুকেইটা সংগঠনক একগোট কৰি সাহায্য সামগ্ৰীৰে বানাক্ৰান্ত সকলক সহায়ৰ হাত আগবঢ়ায়।
গোলাঘাট পৌৰসভাৰ সভানেত্ৰী আৰু কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংস লোৱা সাহায্য বিতৰণ কাৰ্যসূচীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ ভাৰত অভিযানৰ জিলা সমন্বয়ক বিশ্বজিৎ গগৈ আৰু পাৰ্থ বৰদলৈয়ে বানপানীৰ পৰবৰ্তী সময়ত ল'বলগা স্বাস্থ্য সজাগতাৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়। অঞ্চলৰ এখন কাঠৰ দলং আৰু পথ বানপানীয়ে সম্পূৰ্ণৰূপে চিন মোকাম নাইকীয়া কৰাৰ লগতে এখন বিদ্যালয়ৰ গৃহও বানে উটুৱাই নিয়ে৷
বানপানীৰ সময়ত সৎকাৰৰ বাবে শুকান মাটিৰ অভাৱত দুটা মৃতদেহ পৰিয়ালে পানীত উটুৱাই দিব লগা হয়। সেই অঞ্চলৰ বহুসংখ্যক মানুহ কেইবাবছৰ ধৰি মথাউৰিত বসবাস কৰি আহিব লগা হৈছে বুলি জানিবলৈ দিয়ে। এআইএছএফে বানপীড়িতক পৰ্যাপ্ত সহায় কৰিবলৈ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।