তামুলপুৰঃ দেশৰ হকে, দহৰ হকে কাম কৰা মানুহ সমাজত আজিও আছে৷ সমাজ তথা জাতিৰ মঙ্গলৰ বাবে কাম কৰিবলৈ আজিও বহু মানুহ ওলাই আহে৷ আনৰ জীৱনৰ স্বাৰ্থৰ হকে চিন্তা–চৰ্চা কৰি আনৰ সুখ দুখৰ সমভাগী হোৱাই একাংশ মানুহৰ জীৱনৰ মুল লক্ষ্য৷

নিজস্বাৰ্থক পৰিহাৰ কৰি সমাজ তথা দুৰ্গত সকলৰ স্বাৰ্থকহে আগস্থান দি দেশৰ হকে, দহৰ হকে, সমাজৰ কল্যাণৰ হকে কাম কৰাৰ দৰকাৰ৷ বিপদত পৰা লোক তথা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলক সহায় কৰিব পাৰিলে মানুহে মনত অপাৰ তৃপ্তি লাভ কৰে৷

ৰাজ্যৰ হাজাৰ হাজাৰ লোক বানৰ কবলত পৰি হাহাকাৰ কৰিব লগা হয়৷ এসাজ ভাত, এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ লৰা-ছোৱালীৰ কিতাপ-কাপোৰ, পোহনীয়া জীৱ-জন্তু, ঘৰ-দুৱাৰ সকলো বানত হেৰাই ককবকাই থাকিব লগা হয়৷

ৰাজ্য চৰকাৰ খন বানৰ কবলত পৰা লোকসকলক পৰ্যাপ্ত সাহায্য দিয়াত বিফল হয়৷ বানৰ কবলত পৰি হাহাকাৰ কৰি থকা লোকসকলৰ ওচৰত থিয় দিয়ে ৰাজ্যবাসী৷ আৰ্তজনৰ ওচৰত থিয় দি সুখ দুখৰ সমভাগী হোৱাৰ লগতে যিয়ে যেনেকৈ পাৰে সহায় আগবঢ়ায়৷

বানপীড়িত লোকসকলে হাহাকাৰ কৰি থকাৰ সময়তে ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান তথা বহু লোকে নিজাববীয়াকৈ সহায় সহযোগ আগবঢ়ায়৷ ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে ব্যৱসায়ী, পথচাৰী, চাকৰিয়াল আদিৰ পৰা বান সাহায্য সংগ্ৰহ কৰি বিতৰণ কৰে বানপীড়িত অঞ্চলত৷

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে প্ৰায় ৪২০ কিঃ মিঃ পথ অতিক্ৰম কৰি মাজুলীৰ বানাক্ৰান্তৰ ওচৰত থিয় দিয়ে৷ ৰয়েল ব্লু-ষ্টাৰ ক্লাৱ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে বিগত কেইবাটাও দি ধৰি পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা বান সাহায্য সংগ্ৰহ কৰে৷

অনুষ্ঠানটোৰ সৈতে জড়িত কেইবাজনো যুৱকে দুদিন পুৰ্বে এখন চাৰিচকীয়া বাহনত খাদ্য-সামগ্ৰী বোজাই কৰি মাজুলীলৈ ৰাওনা হয়৷ মাজুলী জিলাৰ খাৰকাটি গাঁৱৰ বানাক্ৰান্তৰ মাজত সাহায্য সমুহ বিতৰণ কৰে৷ ৰয়েল ব্লু ষ্টাৰ ক্লাৱৰ সভাপতি ধ্ৰুৱজ্যোতি ঠাকুৰীয়া আৰু সম্পাদক ৰাহুল ডেকাৰ নেতৃত্বত এটি দলে মাজুলী জিলাৰ খাৰকাটিৰ বানাক্ৰান্তৰ মাজত চিৰা, মিঠাই, চাবোন, বিস্কুট, পানী, বস্ত্ৰ আদি বিতৰণ কৰে।