16
Aug
2017

গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জত জিলাখনৰ কেবাটাও মহিলা আত্মসহায়ক গোটে স্বাধীনতা দিৱসৰ দিনা বান সাহায্য বিতৰণ কৰে। জিলাখনৰ বানপীড়িত ৰাইজৰ সহায়ৰ বাবে প্ৰশাসনৰ উপৰি ভালেমান দায়ৱদ্ধ অনুষ্ঠান-প্ৰতিষ্ঠানে আগবাঢ়ি আহিছে।
ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত প্ৰতিমা বৰুৱা পাণ্ডে আঞ্চলিক পৰ্যায়ৰ সমবায় সমিতিৰ মহিলাসকলে স্বাধীনতা দিবসৰ দিনটোত গোলকগঞ্জ ৰাজহ চক্রৰ অন্তৰ্গত বৰুণডাঙাত দুদৰ্শাগ্ৰস্ত লোকৰ মাজত চাউল-দাইল, মমবাতি, বিস্কুট, খোৱা পানী আদি বিতৰণ কৰে।
দলটোৱে মধ্য বৰুনডাঙা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈ থকা শৰণাৰ্থীসকলৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰা বুলি গোটটোৰ নেত্ৰী ইৰামণি বৰাই জনাইছে। মহিলা আত্মসহায়ক গোটৰ এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰা দেখা গৈছে।