কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাত বানপানীয়ে ভয়ংকৰ ৰূপ লৈছে। জিলাখনৰ মাজেৰে বৈ যোৱা গৌৰাং, চম্পাৱতী আৰু সোণকোষ নৈৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাত পৰিস্থিতিৰ অৱনতি ঘটিছে আৰু বৰ্তমানলৈকে প্ৰবল বানৰ প্ৰকোপত কোকৰাঝাৰ জিলাত সৰ্বমুঠ তিনিজন ব্যাক্তিৰ মৃত্যু হৈছে।

বানপানীৰ ফলত নিহত হোৱা ব্যাক্তিসকল হ'ল ক্ৰমে ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত শালমাৰা গাঁওৰ সুৰঞ্জন দত্ত(৩৮), ছালাকাটি ভূমকী দ্বিতীয় খণ্ডৰ প্ৰাণজিৎ ৰায়(২৮) আৰু ডিয়াবাৰীৰ সৌৰ্জন ওৱাৰী(৩৮) বুলি জিলা প্ৰশাসনে সদৰী কৰিছে।

♦ কোকৰাঝাৰত প্লাৱিত ২৩৩ খন গাঁও 

♦ এক লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত

♦ ৩২ টা আশ্ৰয় শিৱিৰ মুকলি প্ৰশাসনৰ

উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ পৰিণতিতে সম্প্ৰতি কোকৰাঝাৰ জিলাৰ মাজেৰে বৈ যোৱা নদীসমুহৰ জলপৃষ্ঠ বিপদসীমা চুইছে আৰু গৌৰাং, সোণকোষ আৰু চম্পামতী নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছে যাৰ ফলত জিলাখনৰ বহু অঞ্চল প্লাৱিত হৈছে।

জিলাখনৰ বেছিভাগ অঞ্চল বানপানীৰ কবলত পৰাৰ সময়তে কালি ফকিৰাগ্ৰাম শালমাৰাৰ সুৰঞ্জন দত্তই পশুধনৰ বাবে খাদ্য সংগ্ৰহ কৰি ঘৰলৈ উভতাৰ পথতে  ফেনেফটোকাৰে বাঢ়ি অহা শালমাৰা সুঁতিত পৰি যায় আৰু কোবাল সতে সুৰঞ্জনক উটুৱাই লৈ যায়।

স্থানীয় জনতা আৰু আৰক্ষীয়ে সুৰঞ্জনৰ সন্ধান উলিয়াবলৈ বহু প্ৰচেষ্ঠা চলায় যদিও ব্যৰ্থ হোৱাত আজি এনডিআৰএফে যুৱকজনৰ নিথৰ দেহ উদ্ধাৰ কৰে। জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী আৰু বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম সুৰঞ্জনৰ ঘৰত  উপস্থিত হৈ ঘটনা সন্দৰ্ভত বুজ লয় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

আনহাতে ছালাকাটি ভূমকী দ্বিতীয় খণ্ডৰ প্ৰাণজিৎ ৰায় নামৰ যুৱকগৰাকী আজি দুপৰীয়া তাৰং নৈত মাছ মাৰিবলৈ যাওঁতেই তাৰং নদীত ডুব গৈ দূৰ্ভাগ্যক্ৰমে মৃত্যুমুখত পৰে। মাছ মাৰিবলৈ গৈ বহুসময় ধৰি ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে মাছ মৰা ঠাইত সন্দেহবশত বিচাৰ-খোচৰ আৰম্ভ কৰাত প্ৰাণজিৎ ৰয়ৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু হুবাদুৱা লাগে। পিছত স্থানীয় জনসাধাৰণে যুৱকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। 

ইপিনে  আমডুঝাৰ ডিয়াবাৰীত বাঢ়নি পানীত ডুবি সৌৰ্জন ওৱাৰী নামৰ আন এগৰাকী যুৱকৰ মৃত্যু হয়। যুৱকগৰাকী ঘৰৰ কাষতে থকা বাঢ়নি পানীত ডুব গৈ মৃত্যুমুখত পৰে। প্ৰৱল বানপানীৰ কবলত পৰা ডিয়াবাৰীৰ পৰা মৃতদেহ উদ্ধাৰ  কৰিবলৈ প্ৰশাসনে আজি যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। 

উল্লেখ্য যে প্ৰলয়ংকাৰী বানৰ ফলত কোকৰাঝাৰ জিলাৰ ২৩৩ খন গাঁও প্লাৱিত হৈছে আৰু একলাখৰো অধিক লোক আক্ৰান্ত হৈছে । জিলাখনত সৰ্বমুঠ  ৩২ টা আশ্ৰয় শিৱিৰ খোলা হৈছে যত ৩৩৫০৬ গৰাকীয়ে আশ্ৰয় লৈছে । জিলাখনত সৰ্বমুঠ ১৭৩৪৮ হেক্টৰ কৃষিভূমি বিনষ্ট হোৱাৰ লগতে  ১০ টাৰো অধিক মুখ্য পথ আৰু কেইবাটাও কালভাৰ্ট, দলং বানপানীয়ে উটুৱাই নিয়াত ঠায়ে ঠায়ে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈছে।  

জিলা প্ৰশাসনে বানপীড়িত ৰাইজৰ মাজত ২৯৮ কুইণ্টল চাউল , ৫৪ কুইণ্টল দালি, ৫৯৬ কুইণ্টল নিমখ, ১১৯৩ লিটাৰ মিঠাতেল  আৰু ৭৫০ বেগ আটা বিতৰণ কৰিছে। গৌৰাং, সোণকোষ আৰু চম্পামতী নদীৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাত পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আশংকা বৃদ্ধি পাইছে আৰু প্ৰশাসনেও জনসাধাৰণক সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে।