কাকপথাৰঃ পৰিবৰ্তনৰ স্বাৰ্থত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বিধায়কে সমষ্টিৰ ৰাইজে হাহাকাৰ কৰি থকাৰ সময়ত দিল্লীত বাহৰ পাতি থকা কাণ্ডত ক্ষোভিত হৈ পৰিছে ৰাইজ৷

তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ ন’ দিহিং নৈৰ বাঢ়নী পানীয়ে চুমনি গাঁও সম্পুৰ্ণৰূপে বুৰাই পেলোৱাৰ পাছতো স্থানীয় বিধায়ক বলিন চেতীয়াই খবৰ লোৱাতো দুৰৰ কথা ৰাজ্যৰ বাহিৰত বাহৰ পাতি থকা কাৰ্যত ক্ষোভিত হৈ পৰিছে বানাক্ৰান্ত৷

চুমনি অঞ্চলৰ প্ৰায় ৪৫টা পৰিয়ালে ঘৰ-দুৱাৰ সম্পুৰ্ণ ডুব যোৱাত ২০০তকৈ অধিক লোক গৃহহীন হৈ পৰে৷ স্থানীয় বৰডিৰাক এম ভি স্কুলত জিলা প্ৰশাসনে অস্থায়ী আশ্ৰয় শিবিৰ পাতি লোকসকলক ৰখাৰ ব্যৱস্থা কৰে যদিও তেওলোকৰ ওচৰত সান্তনা দিবলৈ নাই জনপ্ৰতিনিধি৷

জিলা প্ৰশাসনে খোৱাপানী, খাদ্য সামগ্ৰীৰ যোগান দিয়াৰ ব্যৱস্থা কৰে৷ একাংশ লোক বৰ্তমানেও আশ্ৰয় শিবিৰৰ পৰিবৰ্তে মথাউৰিত আশ্ৰয় লৈ থকা বুলিও জানিব পৰা গৈছে৷ স্থানীয় বিধায়কৰ পৰিবৰ্তে আজি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই বানপীড়িতৰ ওচৰত থিয় দিয়ে৷ ছাত্ৰ সন্থাই পৰিস্থিতিৰ বুজ লৈ বানপীড়িতক উপযুক্ত ক্ষতিপূৰণ দিবলৈ প্ৰশাসনক দাবী জনায়৷