তুলসীবাৰীঃ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহিছে বৰলীয়া নৈ৷ বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পূব-তৰণী, হাচাণটুককে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰে৷

বাট-পথ বুৰাই পেলোৱাৰ ফলত আহ-যাহত ব্যাপক সমস্যাত পৰে গাঁওসমূহৰ লোকসকল৷ কৃষিভূমি বুৰাই পেলোৱাৰ ফলত নষ্ট হোৱাৰ উপক্ৰম হৈছে নকৈ ৰোৱা কঠিয়া৷

প্ৰবল খৰাঙে মাধমাৰ শোধোৱা অঞ্চলটোৰ দৰিদ্ৰ কৃষিজীৱী ৰাইজে ককাল পোনাবলৈ নাপাওঁতেই প্ৰলয়ংকাৰী বানৰ কবলত পৰাত বিলাই-বিপত্তি নোহোবা হৈছে৷