
চিচিবৰগাঁওঃ নগাঁৱৰ পাছত এইবাৰ ধেমাজিত প্ৰলয়। বানৰ কবলত পৰি জিলাখনৰ হাহকাৰ কৰিব লগা হৈছে হাজাৰ হাজাৰ লোকে। অৰুণাচলৰ পাহাৰত নেৰানেপেৰা বৰষুণ দি থকাত জীয়াঢল নৈ ফেনে ফোটোকাৰে বাঢ়ি আহে।
জীয়াঢল নৈৰ মথাউৰি আজি পুৱা ৭ মান বজাত ছিঙি নিয়াত একপ্ৰকাৰ প্ৰলয়ৰ সৃষ্টি হয় জিলা খনত। জিলা খনৰ নামনি অংশৰ ঘিলামৰা, ঘোগোহা, মাছখোৱা অঞ্চলৰ প্ৰায় ৫০ খনতকৈও অধিক গাঁও বানত বুৰ যায়। ফলত অঞ্চলটোত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়৷
ৰাস্তা-ঘাট পানীত ডুব যোৱাত ব্যাপক সমস্যাত পৰিছে লোকসকলে। খেতি পথাৰ সম্পূৰ্ণ নষ্ট কৰি পেলোৱাৰ লগতে পশু ধন পানীত উটি যোৱাৰ খবৰ পোৱা গৈছে । ভিতৰুৱা অঞ্চলৰ পৰা মানুহ নিৰাপদ স্থানলৈ আহিব নোৱাৰাৰ আহুকালত পৰিছে ৰাইজ।
জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন উঠিছে। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে বানাক্ৰান্ত লোসকলক সহায় কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ সংগঠনটোৱে জিলা প্ৰসাশন তথা চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।