
দিখৌমুখঃ শিৱসাগৰ জিলাৰ দিখৌমুখৰ বিভিন্ন অঞ্চল পুনৰ বানৰ কবলত পৰিছে৷ দিখৌ নৈৰ বাঢ়নী পানীয়ে বহু গাঁও বুৰাই পেলোৱাৰ ফলত হাহাকাৰ কৰিব লগা হৈছে শ শ লোকে৷
এটুপি খোৱা পানী, খাদ্য-বাসস্থানৰ লগতে ওখ ঠাইৰ অভাৱত পৰিছে বানাক্ৰান্ত৷ কৃষি ভূমি পানীৰ তলত থকাত নষ্ট হোৱাৰ উপক্ৰম হৈছে ধান খেতি৷
১নং আলিমূৰ, ২নং আলিমূৰ, ৰূপহীমুখ, বৰগাঁও, পুৰণিগুদাম আদি গাঁৱৰ ঘৰ-দুৱাৰ, বিদ্যালয় সকলো এতিয়া পানীত ডুব গৈছে৷
মানুহৰ সমানে সমানে গৰু-ছাগলীয়ে খাদ্যৰ অভাৱত পৰিছে৷ একাংশ লোকে দূৰ্বল মথউৰিৰ বাবে তথা বিষয়া কৰ্মচাৰীৰ অমনোযোগিতাৰ ফলতেই এনে পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হোৱা বুলি অভিযোগ কৰে৷
মেৰামতিৰ অভাৱত দূৰ্বল মথাউৰি ছিঙি নিয়াত সকলো বয়-বস্তু পানীৰ তলত৷ ভাত ৰান্ধিবলৈ নাই চৰু৷ মূৰে-কপালে হাত দি ভোকে লঘোণে আছে দিখৌমুখৰ বহু লোক৷ বানৰ কবলত পৰা এই লোকসকলৰ প্ৰশাসন তথা বিধায়কে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷