গোৰেশ্বৰ/নাওকাটাঃ ভূটান পাহাৰত আৰু ভাৰত-ভূটান সীমান্তৱৰ্তী বাক্সা জিলাত নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে ওফন্দি উঠিছে ভূটান পাহাৰৰ পৰা বৈ অহা শুক্লা, লখাইতৰা, বৰলীয়া, দেওঁচুঙা নৈৰ লগতে একাধিক জান-জুৰি।

দুয়োখন নৈৰ পানীয়ে বিপদঘণ্টা বজাইছে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও। গোৰেশ্বৰ টাউনৰ সমীপৰ নিজ কুছুলা চনবস্তিত পূৰ্বৰে পৰাই মথাউৰি নথকাত ইতিমধ্যে গাঁওখনত পানী সোমাই ঘৰ-দুৱাৰ বুৰাই পেলাইছে।

ইফালে শুক্লাই নৈৰ পশ্চিম প্ৰান্তৰ দুৰ্বল মথাউৰিৰ বাবে আতংকগ্ৰস্ত হৈ পৰিছে বগৰিবাৰী, মাদলবাৰী নামৰ দুখন গাঁৱৰ ৰাইজ। আনহাতে নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ বাঙালীপাৰা, দেওঁচুঙা, উপৰখুঁটি, ঔবাৰী, নাথকুছি আদি বৃহত্তৰ অঞ্চলৰ বিস্তীৰ্ণ কৃষিভূমি, বিদ্যালয়, নামঘৰ আদিকে ধৰি কেইবা শতাধিক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত অঞ্চলবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

স্থানীয় জনপ্ৰতিনিধি তথা প্ৰশাসনৰ ভূমিকাত ক্ষোভিত হৈ পৰিছে বানাক্ৰান্ত। প্ৰশাসনে বানাক্ৰান্তক সাহায্য দিয়াতো দূৰৰে কথা খবৰ ল'বলৈও আহৰি পোৱা নাই।  

চৰকাৰৰ উদাসীনতাৰ বাবে বাঙালীপাৰাত ৰাইজৰ প্ৰচেষ্টাৰে নিৰ্মিত দেওঁচুঙা নৈৰ মথাউৰি ছিঙি অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ পানীত ডুব যায়।

নৈখনৰ উজনি অংশতো মথাউৰি ছিঙি নিয়াৰ ফলত উপৰখুঁটিৰ বৰনদী বালিকা মধ্য ইংৰাজী বিদ্যালয়, বাঙালীপাৰাস্থিত এভাৰেষ্ট একাডেমী আদি শিক্ষানুষ্ঠান বাঢ়নি পানীৰ কবলত পৰে৷  ইমানৰ পাছতো স্থানীয় জনপ্ৰতিনিধিয়ে অঞ্চলবাসীৰ দুখৰ সময়তো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে।