11
Aug
2017

লালুকঃ পুনৰ বানৰ কবলত পৰিছে লখিমপুৰ জিলা৷ নীপকোৱে এৰি দিয়া পানীয়ে ঘৰ-দুৱাৰ উটুৱাই নি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বহু লোক আজিও আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে৷
সমগ্ৰ জুলাই মাহতো বানৰ কবলত পৰি হাহাকাৰ কৰি থকা লোকসকলে পুনৰ বানৰ কবলত পৰাৰ উপক্ৰম হৈছে৷ বৃহস্পতিবাৰে নিশা নীপকোৱে তিনি নং গেটেৰে পুনৰ পানী এৰি দিয়ে ৷
যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি আহে ৰঙানৈৰ পানী কেইবাখনো গাঁৱত প্ৰবেশ কৰে৷
আনহাতে বান্দৰদেৱা-ইটানগৰ সংযোগী ৫২ (ক)নং ৰাষ্ট্ৰীয় ঘাই পথৰ এটি অংশও খহাই নিয়ে পাহাৰৰ পানীয়ে৷ বিগত দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পথটোৰ কাচিংচাত এটা অংশ খহাই নিয়াত যাতায়ত বন্ধ হৈ পৰে৷
অতি গুৰুত্বপূৰ্ণ পথটোৰে যাতায়ত বন্ধ হৈ পৰাত ৰাজ্যখনলৈ অত্যাৱশ্যাকীয় সা-সামগ্ৰী নিব পৰা নাই বাহনসমূহে৷