কলিয়াবৰঃ বানৰ কবলত ৰাজ্য৷ ৰাজ্যৰ বিভিন্ন ঠাইত নৈ মথাউৰি ছিঙি মুহূৰ্ততে বুৰ গৈছে বহু গাঁও৷ পাহাৰ আৰু ভৈয়ামত নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ জলস্তৰ বৃদ্ধি হোৱাত উজনি-নামণিত বানে ৰনচণ্ডী ৰূপ ধাৰণ কৰিছে৷ ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ, নগাঁও, বিশ্বনাথ, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, মৰিগাঁও, বাক্সা চিৰাং, শোণিতপুৰ আদি জিলা বানৰ কবলত পৰি হাজাৰ হাজাৰ লোকে হাহাকাৰ কৰিব লগা হৈছে৷

নগাঁও জিলাৰ কলিয়াবৰ ভয়ংকৰ বানপানীৰ কবলত। ১৯৭২ চনৰ পাছত ভয়াবহ বানক কবলত পৰিছে কলিয়াবৰ৷ কলং নৈৰ কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমুৰালৈকে থকা মথাউৰিটো ছিঙি নিয়াৰ ফলত ভয়ংকৰ বিপদত পৰিছে কলিয়াবৰবাসী।

নগাঁও জিলাক কলঙৰ বাঢ়নী পানীৰ পৰা ৰক্ষা কৰি থকা হাতীমুৰা মথাউৰিটো শনিবাৰে নিশা প্ৰায় ২ বজাত  ছিঙি যায়৷ ৰনচণ্ডী ৰূপ ধাৰণ কৰিছে কলঙে মানুহৰ ঘৰ-বৰ বুৰাই পেলায়। ৩খনকৈ পকী দলং কলঙৰ বুকুত জাহ যায়। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ তলত।

জখলাবন্ধাত ঘাইপথৰে বৈছে পানী। যাতায়ত ব্যাহত হৈছে¸ উজনি-নামনিৰ। প্ৰশাসনে হাই এৰ্লাট জাৰি কৰিছে। চাৰিওফালে হাহাকাৰ পৰিৱেশ। বিদ্যুৎ সেৱা, ম’বাইল সেৱা সকলো বন্ধ কৰি দিয়া হৈছে। জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টি কলিয়াবৰতে এই চৰম দুৰ্যোগ। পুৱতি নিশাই মন্ত্ৰীগৰাকীয়ে কলিয়াবৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

এই মথাউৰি ছিঙি পেলোৱাত এক ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি মন্ত্ৰীগৰাকীয়ে কয় যদিও পৰৱৰ্তী সময়ত তেওঁ মাথাউৰি নিৰ্মানত যে নিম্নমানদণ্ডৰ হৈছিল সেই কথা নিজমুখে স্বীকাৰ কৰে। বৰ্তমান এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ ৫নকৈ নাওঁ লৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰশাসনে জানিবলৈ দিয়া মতে, আৰু ৯ খনকৈ নাওঁ অনাৰ ব্যৱস্থা কৰিছে।

বানপীড়িত লোকসকলে ইতিমধ্যে ওখ স্থানলৈ ওলাই আহিছে। আকস্মিকভাৱে মথাউৰিটো চিঙাৰ বাবে প্ৰশাসন প্ৰস্তুত নাছিল বাবে ভয়ংকৰ পৰিস্থিতি সংঘটিত হৈছে। অস্থায়ীভাৱে আশ্ৰয় শিবিৰ দিয়া হৈছে যদিও সেই অঞ্চলটো পানী সোমোৱা আৰম্ভ কৰাত ৰাইজ শংকিত হৈ পৰে।

ইতিমধ্যে প্ৰায়বোৰ ঘৰ দুৱাৰ পানীৰ তলত ডুবি যোৱাৰ লগতে বহু হেক্টৰ কৃষিভূমি নষ্ট হৈছে। প্ৰশাসনে ৰাইজক আতংকিত নহৈ পৰৱৰ্তী সময়ৰ বাবে সাহসৰে সাজু হবলৈ কোৱাৰ লগতে যাৱতীয় সামগ্ৰীসমূহ সাৱধানেৰে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে। পৰিস্থিতি আৰু ভয়ংকৰ হোৱা আশংকা কৰিছে প্ৰশাসনে।