ডিফু/বোকাজানঃ ১৯৮২ চনলৈ পুনৰ মনত পৰিল কাৰ্বি ভূমিৰ বাসিন্দাৰ৷ ১৯৮২ চনত বানৰ কবলত পৰি বহু দিন ককবকাব লগীয়া হৈছিল পাহাৰীয়া জিলাখনৰ জনসাধাৰণে৷ নাগালেণ্ড আৰু অৰুণাচলৰ পাহাৰত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত সেই বৰ্ষত পাহাৰীয়া জিলাখন সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছিল।

পাহাৰীয়া লোকসকলৰ বানৰ সেই স্মৃতি পুনৰ সজীৱ হল যোৱা ৩০ ঘন্টাত৷ কাৰ্বি পাহাৰ বানৰ কবলত পৰিল বুলি কোৱা কথাষাৰ হজম কৰিব নোৱাৰি যদিও বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে কাৰ্বি ভূমিৰ বোকাজান-ডিফু আদি অঞ্চলৰ ৰাইজে৷ হাজাৰ হাজাৰ লোকৰ বাসগৃহ, স্কুল-কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, পথ আদি বুৰাই পেলোৱাৰ ফলত হাহাকাৰ কৰিব লগীয়া হৈছে পাহাৰীয়া জিলাখনৰ ৰাইজে৷

ওখ ঠাই বিচাৰি বহু লোকে আশ্ৰয় লব লগা হৈছে স্কুলত৷ স্থানীয় প্ৰশাসনে বহু কেইখন বিদ্যালয়ত আশ্ৰয় শিবিৰ স্থাপন কৰি বানাক্ৰান্তক ৰখাৰ ব্যৱস্থা কৰাৰ লগতে সাহায্য আগবঢ়োৱা পৰিলক্ষিত হৈছে৷ বানৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ স্বাভাৱিক জীৱন যাত্ৰা একপ্ৰকাৰ ব্যাহত হৈ পৰিছে৷ চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত কাৰ্বি আংলং জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈ ফেনে ফোটোকাৰে বাঢ়ি আহে৷ যাৰ ফলত বাঢ়নী পানীয়ে সদৰ চহৰ ডিফুৰ-বোকাজান আদিৰ লগতে বহু অঞ্চল বুৰাই পেলায়৷

নিশাৰ ভাগত নৈ খনৰ পানী প্ৰৱেশ কাৰত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে৷ পাহাৰৰ বানে নাগালেণ্ডৰ বাণিজ্যিক কেন্দ্ৰ ডিমাপুৰৰ বিস্তৃৰ্ণ অঞ্চলত বানপানীৰ আতংক অব্যাহত ৰখাৰ সমান্তৰালকৈ ধনশিৰি নৈৰ বাঢ়নী পানীয়ে সংকট নমাই আনে ডিমাপুৰৰ সীমান্তৱৰ্তী এলেকা ডিফু চহৰৰ কাষৰীয়া অঞ্চলৰ পানবাড়ী, শীতলাবাড়ী, ধৰমনালা, শান্তিপাৰা গাোৱান পট্টি, চাৰ্থ কলনি আৰু হৰিলালবস্তি এলেকালৈ৷ যোৱা নিশা ১২ বজাৰ পিছৰে পৰা আৱাসিক এলেকাৰ গৃহসমূহত পানী প্ৰৱেশ কৰাৰ ফলত বহু কষ্টৰে নিশাটো উজাগৰে কটাব লগীয়াত পৰে স্থানীয় ৰাইজে।

বাতৰি প্ৰস্তুত কৰা পৰলৈকে অধিকাংশ অঞ্চলত জন প্ৰতিনিধি তথা প্ৰশাসনে খবৰ লোৱা নাই যদিও বোকাজান পৰিষদীয় সমষ্টি এলেকাত নৱ-নিৰ্বাচিত পৰিষদীয় সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকন আৰু বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক নোমল ম'মিনে ধনশিৰি নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি দুৰ্দশাগ্ৰস্ত লোকৰ খবৰ লয়৷

আনহাতে জিলাখনৰ কঠালগুৰি আদিকে ধৰি ন’ ন’ অঞ্চল ধনশিৰি নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰাৰ খবৰ পোৱা গৈছে৷ ১৯৮২ চনত বোকাজানত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বৃহৎ ক্ষতি কৰিছ্ল৷ সুদীৰ্ঘ বছৰৰ পিছত কাৰ্বি ভূমি পুনৰ বানৰ কবলত পৰিবলগীয়া হয়।