newsnextone.com | লালুকঃ নীপকোৱে ৰঙা নৈৰ মোকলাই দিয়া পানীয়ে লখিমপুৰ জিলাক প্ৰায়ে বানৰ কৱলত পেলাই আহিছে৷ বিভিন্ন সময়ত লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চল বানৰ তাণ্ডৱৰ সন্মুখীন হ’ব লগা হয়৷ নীপকো এৰা বাঢ়নী পানীয়ে মথাউৰি ছিঙি বহু গাঁও প্লাবিত কৰে৷ ৰাইজ নিজ গৃহত থাকিব নোৱাৰা পৰিবেশৰ সৃষ্টি হয়৷ ৰাইজে ওখ ঠাই বিচাৰি হায়ৰাণ হ’ব লগা হোৱাৰ লগতে খাদ্য-পানী বিচাৰি হায়ৰাণ হ’ব লগা হয়৷

এইবাৰ ৰঙানৈ নহয় এইবাৰ শিঙৰা-সোৱণশিৰি নৈয়ে জ্বলাকলা খুৱাইছে ৰাইজক৷ যোৱা ১৫টা দিন ধৰি ঘাইপথত জ্বলাকলা খাব লগা হৈছে হাজাৰ হাজাৰ লোকে৷ ২৮ জুনত শিঙৰা নদীৰ সংহাৰী বানে দলহাটৰ সমীপত দলহাট-ফুলবাৰী সংযোগী পথ বিচ্ছিন্ন কৰে৷ ইমানে নহয় শিঙৰাৰ বাঢ়নী পানীয়ে ১৫খন গাঁও প্লাবিত কৰাত ৰাইজে ককবকাব লগা হৈছে৷ স্থানীয় ৰাইজ তথা বিধায়কে ৰাজ্য চৰকাৰক আহ্বান জনাই অহাৰ পিছতোঁ চৰকাৰে লখিমপুৰৰ দলহাটৰ বান পৰিস্থিতি ৰোধ কৰিবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷

আনহাতে সোৱণশিৰি আৰু শিঙৰা নৈৰ পানী ক্ৰমান্বয়ে কমিছিল যদিও চুবুৰীয়া ৰাজ্যৰ পাহাৰত অতিপাত বৰষুণ হোৱাৰ মঙলবাৰৰ পৰা পুনৰ নৈ দুখনত পানী বাঢ়ি আহে বুলি জানিব পৰা যায়৷ প্ৰায় ১৫টা দিন ধৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত পানী পাৰ হৈ গৈ থকাত যান-বাহন চলাচল কৰাত ব্যাপক সমস্যাত পৰাৰ লগতে ঘাইপথটো পানীৰ তলত থকাৰ ফলত ন ন অংশ পানীয়ে খহাই নিয়াৰ আশংকা কৰে ৰাইজে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন অংশ খহাই নিলে এক ভয়াবহ বিপদত পৰিব ৰাইজ সেয়াই খাতাং৷

লখিমপুৰ জিলা প্রশাসনে পথত বিচ্ছিন্ন কৰাৰ এদিন পিছতেই ২৯ জুনত বিভিন্ন প্ৰকাৰে শিঙৰা নৈক ভেটা দিয়াৰ চেষ্টা কৰিছিল যদিও জলসম্পদ বিভাগে বিফল হয়৷ লখিমপুৰ জিলাৰ শিঙৰা নৈয়ে সোঁত সলনি কৰি এটি অন্য দিশেৰে পানী ববলৈ ধৰে৷ প্ৰায় ১৫টা দিন পূৰ্বে হৈ যোৱা নেৰানেপেৰা বৰষুণৰ ফলত সোঁত সলনি হয় নৈ খনৰ৷ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশেৰে পানী ববলৈ ধৰে৷ 

যাৰ ফলত গাড়ী মটৰ চলাচল কৰাত বিশেষ অসুবিধাত পৰে৷ ৰাইজে নৈ খনৰ গতি সলনি কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীক গুৰুত্ব প্ৰদান কৰা নাই৷ ইমানে নহয় কোনো মন্ত্ৰীয়ে উক্ত স্থানত উপস্থিত হৈ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ ৰাইজৰ অভিযোগৰ অন্তত হে খবৰ লবলৈ বাধা্য হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী৷ বাঢ়নী পানীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ ডুবাই ৰখাৰ ফলত যোৱা কেইবাটাও দিন ধৰি ৰাইজে যামৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ 

শিঙৰা নৈয়ে চিছন্ন কৰা গড়কাপ্তানী পথৰ অংশৰ দুদিন পূৰ্বে জলসম্পদ বিভাগে কফাৰ বান্ধ দিছিল যদিও পুনৰ পূৰ্বেৰে বৈ থকা পথেৰে গতি লয় শিঙৰা নৈয়ে৷ প্ৰায়ে প্রবল বৰষুণৰ দি থকাৰ ফলত কফাৰ বান্ধ খহাই নিয়ে৷ বুধবাৰে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্তই লখিমপুৰ জিলাৰ নাওবৈচাত উপস্থিত হৈ শেহতীয়া বান পৰিস্থিতি পর্যবেক্ষণ কৰি চিন্তা জাহিৰ কৰে৷ মন্ত্রী দত্তই লখিমপুৰৰ নাওবৈচাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি বানাক্ৰান্ত, স্থানীয় আছু আদিৰে আলোচনাত মিলিত হোৱাৰ সময়ত সংগঠনসমূহে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷