
নগাঁওঃ আকৌ বানৰ কবলত নগাঁও৷ বিগত কেইবাদিনো ধৰি কৃত্ৰিম বানৰ কবলত পৰি হাহাকাৰ কৰিব লগা হৈছে নগাঁও চহৰৰ বিভিন্ন ঠাই৷ ধাৰাষাৰ বৰষুণৰ ফলত আৱাসিক এলেকাত জমা হোৱা পানী ওলাই যাবৰ বাবে প্ৰয়োজনীয় বিজ্ঞানসন্মত নলা-নৰ্দমা নথকাৰ পৰিণতিত এই অঞ্চলবোৰৰ দুৰ্ভগীয়া লোকসকলে যোৱা প্ৰায় এপষেক ধৰি পানীৰ মাজতে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷
জানিব পৰা মতে, নগাঁও চহৰৰ মাজৰআটি, লাওখোৱা ৰোড, ইংলিচ পট্টী, চান্দমাৰী পথ, বিষ্ণু নগৰ, শংকৰ নগৰ, গান্ধী নগৰ, কৃষ্ণ নগৰ, হয়বৰগাঁৱৰ ২২ নং ৱাৰ্ড, কহুঁআটিকে ধৰি বহু জনবহুল এলেকা আজিও কৃত্ৰিম বানত ডুব গৈ আছে৷ ফলস্বৰূপে গেলা দুৰ্গন্ধময় পানীৰ মাজেৰেই উপায়হীন হৈ বিভিন্ন ঠাইলৈ অহা-যোৱা কৰিবলগীয়া হৈছে লোকসকলে৷
স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল আদি কেনে সমস্যাৰ সন্মুখিন হৈছে তাক সহজেই অনুমান কৰিব পাৰি৷ চহৰখনৰ সদা ব্যস্ত চানমাৰী পথত একাঠু পৰ্যন্ত পানী জমা হৈ থকাৰ বাবে পথটোৰে যাতায়াত একেবাৰে ব্যাহত হৈ পৰিছে৷ এই পথ সংলগ্ন সামাজিক বনানীকৰণ বন সংৰক্ষকৰ কাৰ্যালয়ৰ চৌহদত আজিও পানীত বুৰ গৈ আছে৷
পানীয়ে বুৰাই ৰাখিছে নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া আৰু ভূমি সংৰক্ষণ বিভাগৰ বিষয়াৰ চৰকাৰী আৱাসৰ চৌহদৰ লগতে নেতাজী হাইস্কুল, নৰেশ্বৰ গোস্বামী প্ৰাথমিক বিদ্যালয়, বিদেশী ন্যায়াধীকৰণ আদালত আৰু সদৌ অসম গ্ৰাম্য পুথিভৰাল চৌহদৰ অধিকাংশ ৷ কৃত্ৰিম বানৰ কবলত পৰি জীয়াতু ভুগি থকা এই বিস্তৃৰ্ণ অঞ্চলৰ দুৰ্ভগীয়া ৰাইজে এই দুৰ্দশাৰ সন্দৰ্ভত জিলা উপায়ুক্তক স্মাৰকপত্ৰ দাখিল কৰে যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷