14
Aug
2017

ৰহাঃ নগাঁও জিলাত এতিয়া প্ৰলয়ংকাৰী বানৰ বিধ্বংসী ৰূপ৷ প্ৰতি মুহূৰ্তত প্ৰশাসনে প্ৰতিটো দিশ চালিজাৰি চাই কাম কৰিব লগা হৈছে৷ ক’ৰবাত যদি মথাউৰি খহিছে আন কৰবাত আকৌ বানে খহাইছে পথ৷ নগাঁও জিলাৰ ৰহাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে পানী বৈ যোৱাত প্ৰশাসনে ডাঙৰ গাড়ীৰ চলাচল বন্ধ কৰি দিয়ে৷
ব্ৰহ্মপুত্ৰ আৰু কলং নৈৰ বাঢ়নী পানী ঘাইপথৰ মাজেৰে বৈ যোৱাত পথ খহাই নিয়াৰ আশংকা কৰে প্ৰশাসনে৷ জখলাবন্ধা, কলিয়াবৰ আদি অঞ্চলত বাঢ়নী পানীৰ প্ৰকোপ বৃদ্ধি পোৱাত প্ৰশাসনে উপায়ন্তৰ হৈ যাতায়ত বন্ধ কৰি দিয়ে ৰাষ্ট্ৰীয় ঘাই পথটোত৷ ভয়ংকৰ বিপদত পৰাৰ পুৰ্বে প্ৰশাসনে এক নিৰ্দেশনা যোগে পথত ডাঙৰ গাড়ী চলাচল বন্ধ কৰি দিয়ে৷
যাৰ ফলত আদবাটতে থমকি ৰব লগা হয় বহু মালভৰ্তি ট্ৰাক৷ ইয়াৰ বাবে অনাগত কিছুদিন জিলাখনত খাদ্যসামগ্ৰী নাটনা হোৱাৰ লগতে দাম বৃদ্ধিৰ সম্ভাৱনাই দেখা দিছে৷