
newsnextone.com | খেৰণিঃ বছৰটোৰ প্ৰথমটো বানৰ কৱলত পৰিছে পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙ অঞ্চল৷ কপিলী নৈৰ বাঢ়নী পানীয়ে বহু গাঁও ইতিমধ্যে বুৰাই পেলাইছে বুলি খবৰ আহিছে। বিগত চাৰি দিন ধৰি নেৰানেপেৰা বৰষুণৰ দি থকাৰ ফলত নৈখনৰ পানী বাঢ়ি অহাত কাৰ্বি পাহাৰৰ ন’ ন’ অঞ্চল বুৰাই পেলায়৷ মানুহৰ ঘৰ, শিক্ষানুষ্ঠান আৰু অন্যান্য প্রতিষ্ঠানসমূহৰ পানীত ডুব যায়৷
বানপানীৰ কৱলত পৰি আৱদ্ধ হৈ থকা বহু পৰিয়ালে খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, সা-সম্পত্তি, পৰিয়ালৰ সদস্য, পশুধন আদিক লৈ হাঁহাকাৰ কৰিবলগীয়া হৈছে। বানৰ কৱলত পৰা বালিগাঁও, তৰাডুবি, নাম তৰাডুবি আদি গাঁৱৰ পৰিয়ালৰ বহু লোকে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷
আনৰ ঘৰত বহু পৰিয়ালে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ বহুজনে আকৌ অস্থায়ীভাৱে স্থাপন কৰা শিবিৰত আশ্ৰয় ল’ব লগা হৈছে৷ শনিবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং, পৰিষদৰ প্ৰাক্তন অধ্যক্ষ হৰেনছিং বে', কাৰ্যবাহী সদস্য অমৰছিং তিচ্ছ, প্রদীপ ৰংপি, জগৎছিং ইংতি, পৰিষদীয় সদস্য মংগলছিং তিমুং, প্ৰভাত টাৰ' আৰু কনিষ্ঠ অভিযন্তা মিজী ক্ৰ'ৰ সৈতে বানপীড়িত এলেকা ভ্ৰমণ কৰে৷
পৰিষদৰ দলটোৱে পৰিস্থিতিৰ বুজ লৈ বানপীড়িত পৰিয়ালক অতি বিশুদ্ধ খোৱাপানী, খাদ্য-সামগ্ৰী যোগান ধৰিব বুলি আশ্বাস প্ৰদান কৰে৷ বানাক্ৰান্ত পৰিয়ালক বান সাহায্যও প্ৰদান কৰে ৰংহাঙে। বান নিয়ন্ত্ৰণ বিভাগক বানাক্ৰান্ত অঞ্চলসমূহৰ ভুক্তভোগী পৰিয়ালক সহায় কৰিবৰ বাবে আহ্বান জনায় ৰংহাঙে।