11
Aug
2017

গহপুৰঃ পুনৰ বানৰ কবলত পৰিছে গহপুৰ৷ গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নৈৰ মথাউৰি যোৱা ২১ জুনত ৬ নং ৱাৰ্ডত চিগাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।
গহপুৰ মহকুমা প্ৰশাসন আৰু জলসম্পদ বিভাগে চত্ৰঙৰ ভগ্ন মথাউৰি নিৰ্মাণ কৰিছিল যদিও ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ ফলত পুনৰ ভগ্ন মথাউৰীৰে পানী ওলাই পানীয়ে বুৰাই পেলায় বহু গাঁও৷
দুদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃহস্পতিবাৰে পুনৰ মথাউৰিটো ছিঙি য়ায়। চত্রংৰ বাঢ়নী পানীয়ে প্লাবিত কৰে গহপুৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয় আৰু গহপুৰ নগৰৰ একাংশ। বছৰ বছৰ ধৰি বানৰ কবলত পৰি আহিছে ছয়দুৱাৰ মহাবিদ্যালয়। যাৰ ফলত ছাত্র-ছাত্ৰীয়ে যাহত ব্যাপক সমস্যাত পৰে৷