23
Dec
2017

ডিজেটেল ডেস্কঃ অৱশেষত লালুৰ বিপক্ষে ৰায় দিলে ন্যায়ালয়ে। প্ৰায় দুই দশক পুৰণি পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হ’ল আৰ জে ডি প্ৰধান তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ।
দীৰ্ঘ দিনীয়া প্ৰতিক্ষাৰ অন্তত শনিবাৰে ৰাঁচিত পশুখাদ্য কেলেংকাৰীত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক চিবিআইৰ বিশেষ আদালতৰ দোষী সাব্যস্ত কৰে।চিবিআইৰ বিশেষ আদালতৰ বিচাৰক শিৱপাল সিঙৰ আদালতে দোষী সাব্যস্ত কৰে লালুক।
লালুৰ বিৰুদ্ধে আজিয়েই কোনোধৰণৰ শাস্তি ঘোষনা কৰা নাই বিচাৰকে। ৩ জানুৱাৰীত এই গোচৰৰ শাস্তি ঘোষণা কৰিব আদালতে’ব।
ইফালে এই কেলেংকাৰীত ২৩ জন অভিযুক্তৰ মাজত ৬ জনক দোষমুক্ত কৰে আদালতে। গোচৰৰ পৰা দোষমুক্ত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী জগন্নাথ মিশ্ৰ। ইফালে আদালতৰ এই ৰায়ক লৈ কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰ জে ডি দল।