শিৱসাগৰঃ শিৱসাগৰৰ সাংস্কৃতিক অনুষ্ঠান ভক্তিসুধা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা মাতৃভাষা ভাওনা কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে। শিৱসাগৰৰ দৰিকাপাৰ নাওজানগাঁৱৰ বৰনামঘৰত  ভক্তিসুধা সাংস্কৃতিক গোষ্ঠীৰ উপদেষ্টা দেৱ গগৈয়ে পতাকা উত্তোলনেৰে মাতৃভাষা ভাওনা কৰ্মশালাৰ কাৰ্যসুচীৰ শুভৰাম্ভ কৰে৷

বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী মালিৰাম মেচ অাৰু নাৰায়ণ মেচে। ৯ বজাত অনুষ্ঠিত হয় চিত্ৰাংকন অাৰু ৰচনা প্ৰতিযোগিতা।

সন্ধিয়া ৭ বজাত অনুষ্ঠিত হয় বঁটা বিতৰণী অাৰু সম্বৰ্ধনা অনুষ্ঠান। বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, বিশিষ্ট অতিথি হিচাপে শিৱসাগৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী গিৰিণ ফুকন, সাংবাদিক প্ৰান্তিক শৰ্মা, বিশিষ্ট সাংস্কৃতিক কৰ্মী গোবিন মহন্ত, অসমৰ প্ৰথমগৰাকী মহিলা খোল বিষাৰদ মৃণালী মহন্ত, বিশিষ্ট সাংস্কৃতিক কৰ্মী নিতুল মেচ উপস্থিত থাকে।

বীৰ লাচিত মহাবিদ্যালয়ৰৰ প্ৰৱক্তা শান্তনু বুঢ়াগোঁহায়ে উদ্বোধন কৰা সাংস্কতিক অনুষ্ঠানটোত কৰ্মশালাৰ প্ৰশিক্ষাথী সকলে একে নিশাই নৃসিংহ মুৰাৰী, ৰুক্মিণী হৰণ অাৰু শ্ৰীকৃষ্ণ ৰাসলীলাৰ অংশৰ শংখচুৰ বধ নামৰ নাট কেইখন মঞ্চস্থ কৰে।