
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ সোণাই নৈৰ পাৰৰ গৌৰীনাথ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু মহাৰুদ্ৰ যজ্ঞৰ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে৷ সোমবাৰে প্ৰতিষ্ঠা দিৱস আৰু মহাৰুদ্ৰ যজ্ঞৰ লাইখুটা স্থাপন কৰা হয়৷ পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণ আৰু আৰতীৰ উৰুলিৰ মাংগলিক ধ্বনিৰ মাজত লাইখুটা স্থাপন কৰে পঞ্চকন্যা ধামৰ আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজে ৷
অনুষ্ঠানত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়, শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, পুৰণিগুদামৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ সম্পাদক প্ৰবীন গোস্বামী, প্ৰবীন নাট্যকৰ্মী নেত্ৰকমল বৰঠাকুৰকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে দুই শতাধিক ধৰ্মপ্ৰাণ লোকে অংশগ্ৰহন কৰে৷ লাইখুটা স্থাপনৰ অন্তত মন্দিৰ প্ৰাংগণত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়৷ উল্লেখ্য প্ৰতিষ্ঠা দিৱস আৰু মহাৰুদ্ৰ যজ্ঞ অহা মাঘ মাহত অনুষ্ঠিত হ’ব৷