নলবাৰীঃ সততে সক্ৰিয় ভূমিকা পালন কৰি অহা সন্মিলিত অসমীয়া যুৱ শক্তি, অসমৰ দ্বি-বাৰ্ষিক প্ৰতিষ্ঠা দিৱস এদিনীয়া কাৰ্যসূচীৰে টিহুৰ মহাত্মা গান্ধী ভৱন প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত হৈ যায়। নলবাৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপন, চিত্ৰাঙ্কণ, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সন্ধিয়া অনুষ্ঠিত এক সভাত আলফা নেতা প্ৰণাময় ৰাজগুৰুৱে জাতিটোৰ সংকট কালত সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধ হ’বলৈ মুকলি আহ্বান জনায়। যুৱ নেতা চানী তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত অভিনেত্ৰী তথা কবি জাহ্নবী আনন্দ, সন্মিলিত অসমীয়া যুৱ শক্তি, অসমৰ সাধাৰণ সম্পাদক কৃষ্ণ কান্ত ফুকন, মুখ্য উপদেষ্টা মৃত্যুঞ্জয় মহন্ত, সমাজ কৰ্মী খগেন দাস আদিয়ে ভাষন আগবঢ়ায়। নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।