
নলবাৰীঃ নলবাৰীৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ড এলেকাৰ বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা আৰু গড়কাপ্তানী বিভাগৰ পথৰ আধাৰশিলা স্থাপন কৰা হয়।
আধাৰশিলা স্থাপন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। আধাৰশিলা অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হোৱা এখন সভাত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা, সাধাৰণ সম্পাদক চন্দন ডেকা, ডিম্বেশ্বৰ বেজবৰুৱা, সহ শিক্ষক শিক্ষয়ত্ৰী, বিষয়া-কৰ্মচাৰী তথা অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।
সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই ৰাইজ আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিক সম্পূৰ্ণ সমৰ্থন দিয়ক বুলি কৈ উন্নয়ণ কেৱল বিজেপিয়ে কৰিব লাগিব বুলি কয়৷