বৰপেটাঃ বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে বুধবাৰে ৫টা গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন কৰে৷ বহৰিত এমজি এনৰেগা আঁচনিৰ ধনেৰে নিৰ্মাণ হ’বলগীয়া পাঁচটা পথৰ  আধাৰশিলা স্থাপন কৰে বৰপেটাৰ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে৷ বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি বিধায়ক নাৰায়ন ডেকা আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ উপস্থিতিত বহৰি গাঁও পঞ্চায়ত আৰু বহৰি আঞ্চলিক পঞ্চায়তৰ জৰিয়তে ৰূপায়িত হ’বলগীয়া আধাৰশিলা স্থাপন কৰি জিলা উপায়ুক্তগৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গাঁৱৰ সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ কৰা বুলি প্ৰকাশ কৰে৷

গাঁৱৰ ৰাস্তা ঘাটকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত সমুহৰ জৰিয়তে চৰকাৰে যোগান ধৰা প্ৰতিটো টকা ব্যয় কৰাৰ ক্ষেত্ৰত গাঁৱৰ ৰাইজৰ সক্ৰিয় সহযোগিতা অতিকে প্ৰয়োজনীয় বুলি মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে৷ আনহাতে বহৰি সত্ৰত উপস্থিত হৈ সত্ৰ চৌহদৰ ভেটি নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ উপৰিও সত্ৰ চৌহদৰ কাষৰ লক্ষ্মী মন্দিৰৰ পকী দেৱাল নিৰ্মানৰো আধাৰশিলা স্থাপন কৰে উপায়ুক্ত গৰাকীয়ে৷ বহৰি গাঁও পঞ্চায়তৰ জৰিয়তে ১৫ লাখ টকা ব্যয়ৰে ভেটি নিৰ্মাণ আৰু ৫ লাখ টকা ব্যয়েৰে পকী দেৱাল নিৰ্মানৰ আধাৰশিলা স্থাপনৰ পিচতেই সত্ৰৰ অতিথিশালাত এখন সভাত অংশগ্ৰহন কৰে উপায়ুক্তগৰাকীয়ে৷

এইসভাতে বহৰি সত্ৰ পৰিচালনা সমিতিয়ে, বহৰিত চলি থকা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া প্ৰতিৰোধ, সত্ৰৰ সম্পদ সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপন আৰু বহৰি বজাৰখন উন্নয়নৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈ তিনিদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে৷ সত্ৰৰ মজুমদাৰ, পৰিচালনা সমিতিৰ সভাপতি, সম্পাদকসহ বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহন কৰা সভাখনত উপায়ুক্ত গৰাকীয়ে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাৰ বাবে সত্ৰ পৰিচালনা সমিতি সমুহে গ্ৰহন কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ পকী ঘৰ, পকী মন্দিৰ, পকী দেৱাল নিৰ্মান কৰিলেই সত্ৰ আৰু সত্ৰীয়া সংস্কৃতি ৰক্ষা নপৰে বুলি কৈ উপায়ুক্ত থানেশ্বৰ মালাকাৰে ইয়াৰ বাবে সত্ৰীয়া সংস্কৃতিৰ অনুশীলন আৰু প্ৰশিক্ষণৰ ওপৰত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷

ইয়াৰ পূৰ্বে বহৰি শিৱ থানত উপস্থিত হৈ থানখনৰ উন্নয়নৰ বাবে তিনিটা কামৰ আধাৰশিলা স্থাপন কৰে৷ এমজিএনৰেগা আঁচনিৰ জৰিয়তে বহৰি আঞ্চলিক পঞ্চায়তে ৰূপায়ন কৰিবলৈ লোৱা ৬ লাখ টকা ব্যয় সাপেক্ষ শিৱ থানৰ চৌহদৰ পকী বেৰ, থানখনলৈ অহা যাত্ৰীৰ বাবে ৩ লাখ টকা ব্যয় সাপেক্ষ পকী শৌচাগাৰ আৰু থান চৌহদৰ ভেটি নিৰ্মাণৰ বাবে ৫ লাখ টকা ব্যয় সাপেক্ষ কামৰ আধাৰশিলা স্থাপন কৰে উপায়ুক্ত গৰাকীয়ে৷

আধাৰশিলা স্থাপনৰ উদ্দেশ্যৰে থান চৌহদত অনুষ্ঠিত হোৱা সভাত অংশ গ্ৰহন কৰা উপায়ুক্তগৰাকীক থান পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰদান কৰা এক স্মাৰক পত্ৰযোগে থানখনত এটা বিবাহ ভৱন আৰু অতিথিশালা নিৰ্মাণৰ বাবে অাবেদন জনায়৷ আধাৰশিলা স্থাপন অনুষ্ঠানত  বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ন ডেকাৰ লগতে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অসম বিত্তীয় উন্নয়ন নিগমৰ উপাধ্যক্ষ অনিল দাস, গড়কাপ্তানী গৃহ আৰু ডিআৰডিএৰ কাৰ্যবাহী অভিযন্তাৰ লগতে চেঙাৰ খণ্ড উন্নয়ন বিষয়া হৰেন্দ্ৰনাথ ঠাকুৰীয়াও উপস্থিত থাকে।