মোৰাজাৰঃ হোজাই যোগান বিভাগৰ অধিনস্থ নীলবাগান সমবায় সমিতিৰ সভাপতি মতিন লস্কৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি সুলভ মূল্যৰ দোকানীসকলৰ ওপৰত চলাই গৈ়ছে ভয়ংকৰ শোষশ-লুণ্ঠণ৷ এই অভিযোগ ৰাইজৰ।

লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ চেয়াৰমেন হৈ থকা সময়ৰে পৰাই দূৰ্নীতিত লুতুৰি-পুতুৰি হৈ থকাৰ অভিযোগ উঠা মতিন লস্কৰে জিলা উপায়ুক্তৰ নিৰ্দেশকো কেৰেপ নকৰে বুলি জানিবপৰা গৈছে৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচনিৰ অধীনত ভূল তথ্যৰে নীতি বৰ্হিৰ্ভূতঃভাবে সমবায় সমিতি এলেকাৰ বিভিন্নজনৰ নামত ভূৱা ৰেচন কাৰ্ড প্ৰস্তুত কৰা হৈছিল৷

বিগত বৰ্ষতেই হোজাইৰ উপায়ুক্তই এক নিৰ্দেশযোগে চৰকাৰী চাকৰি কৰা বা অন্যান়্য শ্ৰেণীৰ অযোগ্য লোকৰ নামত প্ৰদান কৰা পৰিচয়পত্ৰ কৰ্তনৰ নিৰ্দেশ দিছিল৷ এই নিৰ্দেশৰ পিচতেই সভপতিয়ে চাকৰিয়াল বা অন্যান্য ধনীক শ্ৰেণীৰ লোকসকলৰ নামত অহা খাদ্য সুৰক্ষা আঁচনিৰ চাউল সংশ্লিষ্ট হিতাধিকাৰীসকলক প্ৰদান কৰা নাই৷

ইমানলৈ ঠিকেই আছে যদিও অতি ৰহস্যজনকভাবে এনএফএছএৰ কাৰ্ড আজিও কৰ্তন কৰা হোৱা নাই বুলি জানিবপৰা গৈছে৷ ইয়াৰ বিপৰীতে এতিয়াও প্ৰতি মাহে উল্লেখিত কাৰ্ড সমূহৰ বিপৰীতে সভাপতিয়ে চৰকাৰী চাউল কৌশলেৰে মোকলাই নিয়াৰ অভিযোগ ৰাইজৰ।

ইতিমধ্যে প্ৰায় ২০০ কুইণ্টলৰো অধিক চাউল এনেদৰে জালিয়াতিৰে নীলবাগান সমবায় সমিতিয়ে উলিয়াই নিয়া বুলি জানিবপৰা গৈছে৷ বিষয়টো ৰাজহুৱা হৈ পৰাত এতিয়া চতুৰ সভাপতিজনে এই চাউল এজেণ্টসকলৰ ঘৰত মজুত আছে বুলি ফাইল 'মেনেজ’ কৰি যোগান বিভাগক অৱগত কৰিছে৷ কিন্ত প্ৰকৃততে এই চাউল ইতিমধ্যে সমবায় সমিতিখনৰ বহু বিৰ্তকিত সভাপতি জনে মইনুল হক নামৰ এজন কৰ্মচাৰীক লগত লৈ সম্পাদক আব্দুল মতিনৰ সম্পূৰ্ণ সহযোগত হৰলুকী হোৱা বুলি জানিবপৰা গৈছে৷

হোজাইৰ উপাযুক্ত ডা. এছ লক্ষ্মননে এই চৰকাৰী চাউল ক’ত আছে তাৰ এক তদন্তৰ নিৰ্দেশ দিলেহে এই বৃহৎ চাউল কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিব৷ কেৱল এয়াই নহয় সমিতিখনৰ মুঠ ৫৪ গৰাকী এজেণ্টৰ পৰা ভয় ভাবুকিৰে মাহেকীয়া হিচাপে কমিচন আদায় কৰি গৈছে বিৰ্তকিত সভাপতিগৰাকীয়ে৷ বিভিন্ন অজুহাত দেখুৱাই প্ৰতি মাহে নিৰ্ধাৰিত পৰিমাণৰ কমিচন আদায় লৈ থকা বুলি ৰাইজে জনাইছে।

এই ক্ষেত্ৰত সভাপতি মতিনৰৰ কালেক্টৰ হিচাপে কাম কৰি গৈছে সমিতিখনৰ কৰ্মচাৰী মইনুল হকে৷ উল্লেখযোগ্য যে খাদ্য সুৰক্ষা আঁচনিৰ নিয়ম মতে শেহতীয়াভাবে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে নীলবাগান সমবায় সমিতি এলেকাধীন ৫৪ গৰাকী এজেণ্টক কমিচনৰ ধন হিচাপে প্ৰায় ১৩ লাখ টকা একাউণ্টৰ জৰিয়তে মোকলাই দিছিল৷

এই ধনৰ পৰাও ১০ শতাংশ কমিচন সভাপতিক আদায় দিবলগীয়া হৈছে সুলভ মূল্যৰ দোকানীসকলে৷ দাবীকৃত ধন আদায় নিদিয়াসকলক পৰিকল্পিতভাবে ক্ষমতাৰ অপব্যৱহাৰ কৰি হাৰাশাস্তি কৰাৰ ভয়তে প্ৰতিজন এজেণ্টে নিজৰ কষ্টোপাৰ্জিত পাৰিশ্ৰমিকৰ পৰা ইতিমধ্যে ১০ শতাংশ কমিচন আদায় দিয়া বুলি প্ৰকাশ পাইছে।

এই লৈ এজেণ্টসকলৰ মাজত তীব্ৰ অসন্তষ্টি আৰু প্ৰতিক্ৰিয়াই দেখা দিয়া পৰিলক্ষিত হৈছে৷ সভাপতিগৰাকীৰ দৌৰাত্ম্য ইমানেই বৃদ্ধি পাইছে যে নীলবাগানৰ মস্তোফা উদ্দিন নামৰ এগৰাকী এজেণ্টে সভাপতিৰ মইমতালিৰ কথা স্পষ্টভাবে উল্লেখ কৰি হোজাই যোগান বিভাগৰ এ ডি এছৰ কাৰ্যালয়ত দাখিল কৰিছিল যদিও বিষয়াগৰাকীয়ে কোনো গুৰুত্ব নিদিয়া বুলি জানিবপৰা গৈছে৷

অৱশেষত অসন্তষ্ট এজেণ্টজনে পদত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি জনায়৷ নীলবাগান সমবায় সমিতিত চলা এনে দুৰ্নীতি আৰু কমিচনৰাজৰ বিৰুদ্ধে এক তদন্ত নিৰ্দেশ দিবলৈ সচেতন মহলে হোজাইৰ উপায়ুক্ত ডা. এছ লক্ষ্মননৰ ওচৰত দাবী উত্থাপন কৰিছে৷