
বিহালীঃ বিহালীৰ জিনজিয়াত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন কৰে বাঘমৰা বিজেপিৰ যুৱ মৰ্চাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন অনুষ্ঠানত উপস্থিত থাকি বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তই বৃক্ষৰোপনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে।
বাঘমৰা মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন কাৰ্যসূচীত পুৱা সামুহিক চাফাই, বৃক্ষৰোপন, শুভেচ্ছা মুলক হস্তাক্ষৰৰ লগতে আজি বিয়লি ৰাধাগোৱিন্দ বৰুৱাৰ সোঁৱৰণীত ফুটবলপ্ৰতিযোগিতাৰ মাধ্যমেৰে উদযাপন কৰা হয় দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন।
জিনজিয়াৰ ৰাধাগোৱিন্দ মন্দিৰৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰাইজৰ বিপুল সহাৰি দেখি উৎফুল্লিত হৈ পৰে মন্ত্ৰী ৰঞ্জিত দত্তই। আজিৰ এই অনুষ্ঠানত বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি পৰেশ বৰকাকতী, আটছা নেতা বাবুল গোৱালা, কমল চুণ্ডী, ধনঞ্জয় বৰাইক, বিজেপিৰ সদানন্দ দত্ত, দধিৰাম শৰ্মা, দীপা ছেত্ৰী, সুৰজিত দত্ত, কাৰ্বি ছাত্ৰ সন্থাৰ ছাৰছিং তেৰাঙৰ লগতে বহুতো বিজেপিৰ তথা জাতীয় সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকে।
আনহাতে যোৱা ৯ ছেপ্তেম্বৰৰ পৰা বাঘমৰা মণ্ডল বিজেপিৰ সৌজন্যত মণ্ডল ভিত্তিত অনুষ্ঠিত সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা খনৰ আজি সামৰণি পৰে।
আজি জিনজিয়া ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত চূড়ান্ত খেল খনত বৰজাৰণি একাদশে তিনিসুতি একাদশক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী দলৰ সন্মান অৰ্জন কৰে।