26
Nov
2017

শুক্লাইঃ ওদালগুৰিৰ গৰুৱাঝাৰৰ পূৱ শেখৰ আঞ্চলিক জনপ্ৰিয় প্ৰগতি যুৱক সংঘৰ উদ্যেগত চলি থকা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে চূড়ান্ত খেল খন অনুষ্ঠিত হয়৷
চূড়ান্ত খেল খনত গৰুৱাঝাৰ টিম বি ফুটবল দলে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ফাইনেল খেলত গৰুৱাঝাৰ টিম বিয়ে নিজ গৰুৱাঝাৰ শিমলুগুৰি ক্লাৱক ২-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ফাইনেল খেলত ননৈ চেৰফাং সমষ্টিৰ এম চি এল এ সুৰেশ তাঁতি, সমাজকৰ্মী ৰঞ্জিত ডেকা সহ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷