কমলপুৰঃ কামৰূপ জিলাৰ কমলপুৰৰ জনপ্ৰিয় ক্লাৱৰ উদ্যোগত অনুষ্ঠিত বিংশতিতম কামিনী কান্ত মালী সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ আজি চুড়ান্ত খেল খন অনুষ্ঠিত হয়৷

কমলপুৰ মিনি ষ্টেডিয়াম অনুষ্ঠিত চুড়ান্ত খেল খন বিয়লি তিনি বজাৰ পৰা জাপিয়া ভাই ভাই ফুটবল ক্লাব আৰু বালিসত্ৰ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয়৷ চুড়ান্ত খেল খন আনুষ্ঠানিকভাবে উদ্বোধন কৰে ক্লাৱৰ মূখ্য উপদেষ্টা ভবেন বৈশই।

জাপিয়া ভাই ভাই ফুটবল ক্লাবে বালিসত্ৰ ফুটবল ক্লাবক ১-০ গ’লত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, সাংবাদিক ভবতোষ ডেকা আৰু প্ৰদীপ কুমাৰ ভঁৰালীয়ে।