প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো

বিহালীঃ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ বিহালীত ফুটবল প্ৰতিযোগিতা৷ বিহালীৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘মৰ্ণিং ক্লাৱ’ৰ উদ্যোগত আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ সহযোগত বানপীড়িতসকলক সহায় কৰাৰ প্ৰয়াসেৰে জুবিন গাৰ্গ শিল্পী একাদশ বনাম মৰ্ণিং ক্লাৱ একাদশৰ মাজত অহা ২৬ আগষ্টত বিহালী চাহ বাগিছা খেল পথাৰত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ’ব৷

 জুবিন গাৰ্গ একাদশৰ হৈ অংশ গ্ৰহণ কৰিব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, বাবু বৰুৱা, নীল আকাশ, ৰোহিত সোণাৰ, অজয় ফুকন, পংকজ ইংতি, বিবেক বৰা, পবিত্ৰ ৰাভাই৷ খেল আৰম্ভ হোৱাৰ পুৰ্বে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিহালী বিধানসভা সমষ্টিত সৰ্বাধিক নম্বৰ লাভ কৰা কীৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাব।