বোকাজানঃ ৩৫ বছৰ উৰ্দ্ধৰ ফুটবল খেলুৱৈক উৎসাহ কৰাৰ বাবে অনুষ্ঠিত হ’ব ফুটবল প্ৰতিযোগিতা৷ কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপথাৰ অঞ্চলৰ জ্যেষ্ঠ ফুটবল খেলুৱৈক উৎসাহিত কৰাৰ বাবে ছানৰাইজ স্পৰ্টচ ক্লাবৰ উদ্যোগত অহা ২৮ অক্টোবৰৰ পৰা ০৮ নৱেম্বৰলৈকে ফুটবল প্ৰতিযোগিতা খন অনুষ্ঠিত হ’ব৷

বালিপথাৰ অঞ্চলৰ দুগৰাকী নমস্য ব্যক্তি বিক্ৰম জি মমিন আৰু কৰুণাকান্ত ৰয়ৰ সোঁৱৰণত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ বিভিন্ন জাতি-জনজাতিৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে লাংবৈস্থিত বিলপথাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰত শুভাৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে৷

ছানৰাইজ স্পৰ্টচ ক্লাবৰ সভাপতি দীপক মেচে ক্লাবৰ পতাকা উত্তোলনৰে উদ্ধোধনী কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে স্বৰ্গীয় বিক্ৰম জি মমিন আৰু কৰুণাকান্ত ৰয়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ-বন্তি প্ৰজ্বলন কৰিব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন৷

উদ্ধোধনী অনুষ্ঠানত বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন উদ্ধোধকৰূপে উপস্থিত থকাৰ লগতে আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকিব স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য জগতছিং ইংতি, দেওপানী পৰিষদীয় সমষ্টিৰ সদস্য মুকুট মহন্ত, বৰজান পৰিষদীয় সমষ্টিৰ পৰিষদীয় সদস্য লংকি তিমুংৰ উপৰি বহুকেইজন বিশিষ্ট ব্যক্ত ৷ প্ৰতিযোগিতাখনিৰ খেলসমূহ বিলপথাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰ, দিলাওজান উচ্চ ইংৰাজী বিদ্যালয় খেলপথাৰ আৰু নেপেৰপেট্টীৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি ক্লাবৰ সভাপতি দীপক মেচ আৰু সম্পাদক নৱপল্লৱ ৰয়ে জানিবলৈ দিয়ে৷