প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

লংকাঃ ৭১ সংখ্যাক স্বাধীনতা দিৱস উপলক্ষে লংকা প্ৰেছ ক্লাবৰ উদ্যোগত অহা ১৫ আগষ্টত অনুষ্ঠিত হ'ব এদিনীয়া প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা৷

বিয়লি ২ বজাৰ পৰা লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ফুটবল প্ৰতিযোগিতাত লামডিং য়ুথ ক্লাব, হোজাই এফ টি চি, লংকা ফুটবল ক্লাব আৰু লংকা একাদশ দলে অংশগ্ৰহণ কৰিব৷

এই ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক ৫,০০১ টকাৰ বিপৰীতে ৰাণাৰ্ছ আপ দলক ৩,০০১ টকা পুৰস্কাৰ আগবঢ়োৱা হ'ব বুলি লংকা প্ৰেছ ক্লাৱে জানিবলৈ দিছে।