20
Aug
2017

বিহালীঃ আজিৰে পৰা বিহালী সমষ্টিৰ মিজিকাজান চাহ বাগিছাৰ খেল পথাৰত অনুষ্ঠিত হয় ষষ্ঠ বাৰ্ষিক চুইনলি মে'মৰিয়েল ফুটবল ট্ৰফী প্ৰতিযোগিতা খন৷
মিজিকাজান চাহ শ্ৰমিক, চাহ কৰ্মচাৰী ,স্থানীয় যুৱক সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখন অানুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিহালীৰ যুৱ সমাজকৰ্মী প্ৰেমলাল গঞ্জুয়ে৷ উদ্ধোধনী প্ৰতিযোগিতাখন অনুষ্ঠিত হয় লক্ষীমপুৰ ফুটবল একাদশ দল আৰু ৰঙাপাৰা ফুটবল দলৰ মাজত৷
আকাশ কিষানে আঁত ধৰা শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ অাটছাৰ বিষয়ববীয়াৰ লগতে সমাজকৰ্মী নগেন গোৱালা আৰু কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি৷ এই প্ৰতিযোগিতাখনৰ মুল প্ৰতিযোগিতা খন ১০ ছেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হ’ব৷
আনহাতে, আজিৰ খেলখনত লক্ষীমপুৰ একাদশ দলে ৰঙাপাৰা দলক ১-০ গলৰ ব্যৱধানত পৰাভূত কৰি বিজয়ী সাব্যস্ত কৰে৷