
তুলসীবাৰীঃ বিটিএডিৰ বাক্সা জিলাৰ বৈৰাথী ক্লাবৰ উদ্যোগত ইএম মহেশ্বৰ বসুমতাৰীৰ সহযোগত ৰঙিয়াৰ খন্দিকৰ নলিনীবালা দেৱী হাইস্কুলৰ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে চূড়ান্ত খেল খন অনুষ্ঠিত হয়৷
ফাইনেলত খেল খন মুকালমুৱা জিমনাষ্টক ক্লাবৰ বিৰুদ্ধে পাঠশালাৰ সাদৰি এছ চিয়ে। উত্তেজপূৰ্ণ খেল খন অমীমাংসিত ভাবে সমাপ্ত হোৱাত মুকালমুৱা জিমনাষ্টক ক্লাবে ট্ৰাইব্ৰেকাৰত ৩-১ গলত পাঠশালাৰ সাদৰি এছ চিৰক পৰাজিত কৰি মুকালমুৱাই ফাইনেলৰ চেম্পিয়ন খিতাপ পাবলৈ সক্ষম হয়।
খেল খন পৰিচালনা কৰে ৰেফাৰী দুলু তালুকদাৰে, তেওঁক লাইনত সহায় কৰে মফিজ আলী, বিৰচন বড়ো আৰু চতুৰ্থ ৰেফাৰী হিচাপে সঞ্জীৱ মিশ্ৰৰ লগতে মেছ ৰেফাৰী হিচাপে বাবুল খাখলাৰীয়ে। ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে পাঠশালাৰ সাদৰি এছ চিৰ বিশ্ব বড়োয়ে আৰু শ্ৰেষ্ঠ গলৰক্ষক বটা লাভ কৰে মুকালমুৱা জিমনাষ্টিক ক্লাবৰ কঙ্কণ দাসে।