
নলবাৰীঃ নলবাৰী জিলাৰ মৈৰাদঙাত মৌচুমী সংঘই অনুষ্ঠিত কৰা ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে চূড়ান্ত খেল খন অনুষ্ঠিত হৈ যায়। বৰগাছা এফ চি আৰু বালিতাৰা এফ চি মাজত অনুষ্ঠিত খল খনত বালিতাৰা এফ চিক ১-০ গলত বৰগাছা এফ চিয়ে চূড়ান্ত বিজয়ী হয়।
চূড়ান্ত খেল খন উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। অনুষ্ঠানত নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদ্যুত ভূঞা, সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, অভিনেতা দীলিপ কুমাৰ দাস, শিক্ষাবিদ লাচিত ডেকা, 'পূৰৱ কি আৱাজ কথাছবিৰ' পৰিচালক লোকনাথ ডেকা আৰু নলবাৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাই উপস্থিত থাকে।