
আজাৰাঃ দক্ষিণ কামৰূপৰ এজন উদ্যমী যুৱকৰ চেষ্টাত ফুটবলৰ প্ৰতি আগ্ৰহী থকা উদিয়মান যুৱক-যুৱতীৰ কাৰনে গঢ় লৈ উঠিছে ফুটবল প্ৰশিক্ষণৰ ক্লাৱ নঙবাঙ ফুটবল একাডেমি। দক্ষিণ কামৰূপৰ জনজাতি অধ্যুষিত অঞ্চল তথা ফুটবলৰ বিশেষ সম্ভাৱনা থকা লোহাৰঘাটত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত ফুটবল প্ৰশিক্ষণৰ বাবে জন্ম হ'ল নতুনকৈ নঙবাঙ ফুটবল একাডেমিৰ।
অঞ্চলটোৰ সতিশ নংবাগ নামৰ যুৱকৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠিল এই কেন্দ্ৰৰ। অঞ্চলটোৰ বহু প্ৰতিভাৱান, প্ৰচুৰ সম্ভাৱনা থকা যুৱক-যুৱতীৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে শুভ উদ্ধোধন কৰা হয় এই প্ৰশিক্ষণ শিবিৰটো।
এই উদ্ধোধন কাৰ্যসূচীত শতাধিক ফুটবল প্ৰশিক্ষণাৰ্থীক জাৰ্চী, ফুটবল আৰু খেলৰ অন্যান্য সামগ্ৰী প্ৰদান কৰা হয়। এই উদ্ধোধনী কাৰ্যসুচীত উপস্থিত থাকে অঞ্চলটোৰ বহু গুণী-জ্ঞানী ব্যক্তি।
উল্লেখ্য যে কেন্দ্ৰৰ স্বত্বাধিকাৰী সতিশ নংবাগে বিগত সময়ছোৱাত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ফুটবলৰ সৈতে জড়িত হৈ দুখীয়া-দৰিদ্ৰতা আগ্ৰহী ফুটবল খেলুৱৈক বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াই আহিছে। অনাগত দিনত এই প্ৰশিক্ষণ ক্লাৱটোৰ জড়িয়তে আগ্ৰহী ফুটবল প্ৰশিক্ষাৰ্থীক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত আগবঢ়াই নিবৰ চেষ্টা চলাব বুলি মত প্ৰকাশ কৰিছে।