
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সোমবাৰে আয়োজিত ৰেডহৰ্ণ ডিভিজন ফুটবল লীগত বৰমাৰ ওদাংশ্ৰী স্পোৰ্টছ ক্লাৱে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। ফাইনেল খেল খনত বৰমাই শালবাৰী স্পোৰ্টছ ক্লাৱক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।
উল্লেখ্য যে বিটিচি প্ৰশাসন আৰু ভাৰতীয় সৈন্য অপাৰেচনৰ সদ্ভাৱনা কাৰ্যসূচীৰ অন্তৰ্গত গুডউইল মেচৰ আয়োজন কৰি আহিছে। এইবেলি তৃতীয় বাৰ্ষিক ফুটবল মেচ অহা ১, ২ আৰু ৩ নবেম্বৰত কোকৰাঝাৰত অনুষ্ঠিত হ’ব। ইয়াৰে অংশ স্বৰূপে গোৰেশ্বৰস্থিত ২১ মাহাৰ ৰেজিমেন্টৰ সহযোগত আয়োজিত লীগ মেচত আজি বাগসা জিলাৰ বৰমা ওদাংশ্ৰী বিজয়ী হয়।
এই শৃখলাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ওদাংশ্ৰীৰ খেলুৱৈ বসন্ত বসুমতাৰীয়ে। খেলৰ অন্তত বিজয়ী দলক চলন্ত ট্ৰফী আৰু পোন্ধৰ হাজাৰ টকা আৰু ৰাণাৰ্চ আপ দলক ট্ৰফীৰ লগতে দহ হাজাৰ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰে ক্ৰমে বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কচাৰী আৰু ৰেডহৰ্ণ ডিভিজনৰ ব্ৰিগেডিয়ৰ এচ সঞ্জয়ে। বঁটা বিতৰণীৰ লগতে বিদ্যালয় খেলপথাৰত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে উদ্যোক্তাসকলে।